ভৰত নৰহকৰ বাবে বলিৰ পথা হ’ল বিধায়ক মামুদ ইমদাদুল

ক্ষোভ উজাৰিলে এগৰাকী টিকট বঞ্চিত বিধায়কে

20regMinister

একালৰ কংগ্ৰেছী মন্ত্ৰী ভৰত নৰহক নাওবৈচা সমষ্টি এআইইউদিএফয়ে এৰি দিয়াত নাওবৈচাৰ বিধায়ক ক্ষুব্ধ হৈছে। নাওবৈচা সমষ্টিৰ বৰ্তমানৰ বিধায়ক থকা সত্ত্বেও কংগ্ৰেছক এৰি দিয়াক লৈ দলীয় মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

দৈনিক অগ্রদূত’ক সমষ্টিটোৰ বিধায়ক মামুদ ইমদাদুল হক চৌধুৰীয়ে ক্ষোভ-আক্ষেপ ব্যক্ত কৰি কয়,“মােক গুৱাহাটীলৈ মাতি আনিছিল। মই ইতিমধ্যে নির্বাচনৰ বাবে সাজু হৈছিলাে। কার্যালয়ৰ বাবে ভাড়াঘৰ সাজু কৰাৰ লগতে প’ষ্টাৰ-বেনাৰে সাজু কৰিছিলাে। মােৰ সিমান সামর্থ্য নাই। কিবাকৈ টানি মেলি যিমান পাৰাে প্রস্তুতি শেষ কৰি আনিছিলাে। এতিয়া যিহেতু মােক টিকট দিয়া নহ’ল মই আৰু ৰাজনীতিত নাথাকো। মই দলৰ “অনুগত কর্মী। গতিকে প্রত্যাহ্বান জনােৱাৰাে প্রশ্ন নাহে। মই নির্দলীয় হৈ নির্বাচন নেখেলাে। কমদিনৰ ভিতৰতে দিছপুৰৰ বিধায়ক আৱাস ত্যাগ কৰিম।’

ইপিনে,দেওবাৰে নিশা কংগ্ৰেছে ঘােষণা কৰা তালিকা অনুসৰি এই নাওবৈচা সমষ্টিত প্রাক্তন মন্ত্রী ভৰত নৰহক প্রার্থিত্ব প্ৰদান কৰিছে। নিজ সমষ্টি ঢকুৱাখনাত ভেটি হেৰুওৱা নৰহে এআইইউডিএফৰ ভেটিত আহি শেষ ৰক্ষা কৰিবলৈ চেষ্টা
চলােৱা বুলি এআইইউডিএফৰ এটা মহল ক্ষুব্ধ হৈছে।

বিধানসভাত বাকপটু বিধায়কৰূপে সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হােৱা মামুদৰ দৰে সুশিক্ষিত বিধায়কক নৰহৰ দৰে দুর্নীতিগ্রস্ত আৰু ক্ষমতালােভী ৰাজনীতিকৰ বাবে বলি দিয়া হ’ল বুলিও এআইইউডিএফৰ এটা মহলে প্রতিক্রিয়া প্রকাশ কৰে।

একেদৰে দলে ভৱানীপুৰত বৰ্তমানৰ বিধায়কক বঞ্চিত কৰি ভূমাফিয়া ফণী তালুকদাৰক প্রার্থিত্ব দিয়া বুলিও দলীয় মহলত চর্চা হৈছে।

Exit mobile version