অসুস্থ ৰণবিৰ কাপুৰ

Ranbir Kapoor

বিগত কিছুদিন ধৰি অসুস্থ হৈ আছে জনপ্ৰিয় অভিনেতা ৰণবিৰ কাপুৰ । সূত্ৰ অনুসৰি, সম্প্ৰতি তেওঁ কুৱাৰেণ্টাইনত আছে । পৰিয়ালৰ তৰফৰ পৰা নিশ্চিতকৈ কোনো তথ্য প্ৰকাশ কৰা নাই । কিন্তু ৰণবিৰৰ খুৰা ৰণধীৰ কাপুৰে স্বীকাৰ কৰিলে ভতিজাৰ অসুস্থতাৰ কথা ।

২০২১ৰ আৰম্ভণিৰ পৰাই একাধিক নতুন চলচ্চিত্ৰত কাম কৰি আছে ৰণবীৰ । শমসেৰা, ব্ৰহ্মাস্ত্ৰৰ পাছত পৰিচালক লৱ ৰঞ্জনৰ পৰৱৰ্তী চলচ্চিত্ৰ এনিমেলত দেখা যাব তেওঁক ।

ইপিনে কৰ’না সংক্ৰমণ বৃদ্ধি পাইছে মোম্বাইত । মুখত মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছে কেন্দ্ৰই ।

ৰণবিৰৰ অসুস্থতাৰ কথা স্বীকাৰ কৰিলেও, চহৰৰ বাহিৰত থকাৰ বাবে সম্প্ৰতি এই বিষয়ত সঠিককৈ জনোৱা নাই বৰ্ষিয়ান অভিনেতা ৰণধীৰ কাপুৰে ।

কিছু মাহ পূৰ্বে ৰণবিৰৰ মাতৃ অভিনেত্ৰী নীতু কাপুৰ ক’ভিড আক্ৰান্ত হৈছিল । চণ্ডীগড়ত ‘যুগ যুগ জিঅ’ চলচ্চিত্ৰৰ শ্বুটিং কৰিবলৈ গৈ তেওঁ ক’ভিড আক্ৰান্ত হৈছিল ।

Exit mobile version