ইণ্ডিয়ান নিডল মেন খ্যাত হাজোৰ যুৱক ভূপেন চন্দ্ৰ দাসে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডেত গঢ়িলে অভিলেখ

IMG 20210308 WA0004

ইণ্ডিয়ান নিডল মেন খ্যাত এছিষ্ট ৱৰ্ল্ড ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডসহ মুঠ ন টা বিৰল সন্মানৰ অধিকাৰী তীৰ্থ নগৰী হাজোৰ চকামতলীৰ চম্ভুৰাম দাস আৰু ধনেশ্বৰী দাসৰ পুত্ৰ ভূপেন চন্দ্ৰ দাস (৪০) পুনৰ সন্মানিত হোৱাৰ বাৰ্তাই উৎফুল্লিত কৰিছে হাজোৰ ৰাইজক । এইবাৰ ফ’ৰ আৰ্মছত (বাহুত) হাকোতাৰে বিন্ধাই ১২ কিলোগ্ৰাম ওজন তিনি মিনিট ৩৫ ছেকেণ্ড দাঙি ৰাখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় । ২০১৯ৰ ২০ ছেপ্টেম্বৰত গুৱাহাটীৰ চিটি চেণ্টাৰত এটা ব্যক্তিগত টেলিভিছন চেনেলত তেওঁ এই দুঃসাহসিক কলা প্ৰদৰ্শন কৰিছিল ।

তেওঁৰ পাৰদৰ্শিতাৰ প্ৰতি আকৃষ্ট হৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ হাৰিয়ানাৰ ফৰিদাবাদস্থিত মুখ্য কাৰ্যালয়ে কুৰিয়াৰযোগে প্ৰমাণ পত্ৰৰ লগতে প্ৰমাণিত ষ্টিকাৰ, কলম, ফটো সম্বোলিত পৰিচয় পত্ৰ, ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডৰ ২০২১ বৰ্ষৰ এখন কিতাপ, গ’ল্ড মেডেল প্ৰেৰণ কৰি অভিনন্দন জনায় ।

উল্লেখ্য যে, বিগত ২০১৭ৰ ১২ নৱেম্বৰত বিশ্বৰ ১০খন ৰাষ্ট্ৰীয় বুক অৱ ৰেকৰ্ডৰ সহযোগত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে ভূপেনক নিজৰ মুখমণ্ডলত ৫৫০টাকৈ নিডল প্ৰক্ষেপ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড আৰু ৱাৰ অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ বাবে, গজালৰ বিছনাত উদং দেহেৰে শুই এজন ব্যক্তিক বুকুৰ ওপৰত এঘণ্টা এক মিনিট সময় থিয় কৰাই ভৰ ৰাখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড গঢ়াৰ বাবে, ৩০ ছেকেণ্ডত তিনিশ মিলিলিটাৰৰ চাৰিটা পেপচীৰ বটল সেৱন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড আৰু মিৰেকল ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ বাবে নতুন দিল্লীস্থিত চিৰিফৰ্ট অডিটেৰিয়াম হলত আনুষ্ঠানিকভাৱে মানপত্ৰৰে অভিনন্দন জনাইছিল ।

ইপিনে, ইণ্ডিয়া ৰেকৰ্ড হ’ল্ডাৰ ৱৰ্ল্ড ষ্টেজ শীৰ্ষক অনুষ্ঠানত উপস্থিত থকা সাতশৰো অধিক অভিলেখকাৰীৰ ভিতৰত নিৰ্বাচিত টপ এশ গৰাকীৰ ভিতৰত আছিল হাজোৰ ভূপেন ।

১৯৭৭ত জন্ম লাভ কৰা এইগৰাকী যুৱকে হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে দুঃসাহসিক কৰাৰ প্ৰতি আকৃষ্ট হৈছিল । বিদ্যালয়ত অহা তিনি-চাৰিজন কলা প্ৰদৰ্শকক দেখিয়ে তেওঁ দুঃসাহসিক কলাৰ প্ৰতি আকৃষ্ট হৈছিল । কলা প্ৰদৰ্শক লোক কেইজনে টিউব লাইটৰ ভগ্ন টুকুৰাৰ ওপৰত শুই অৰ্ধ উলংগ শৰীৰত দুজন শিশুক উঠাই লৈ প্ৰায় আধাঘণ্টা সময় অতিবাহিত কৰি দেখুৱাইছিল । এই কলা প্ৰত্যক্ষ কৰি ভূপেনো দুঃসাহসিক কলা প্ৰদৰ্শনৰ প্ৰতি আকৃষ্ট হয় । সম্প্ৰতি বিৰল অভিলেখৰ অপেক্ষা মাথোঁ গ্ৰীনিজ বুক অৱ ৰেকৰ্ডৰ ।

Exit mobile version