কৰ’নাত আক্ৰান্ত পৰিচালক সঞ্জয় লীলা বঞ্চালি

1200px Sanjay Leela Bhansali

কৰ’নাত আক্ৰান্ত পৰিচালক সঞ্জয় লীলা বঞ্চালি।বন্ধ হয় গ’ল ‘গাংগুবাই কাথিয়াৱাড়ী’ৰ দৃশ্যগ্ৰহন। তথ্য অনুসৰি গাংগুবাই কঠিয়াৱাডিৰ দৃশ্যগ্ৰহনৰ ছেটতে কৰ’নাত আক্ৰান্ত হৈছিল পৰিচালকজন।

বৰ্তমান চিকিৎসকৰ পৰামৰ্শত নিজ বাসগৃহতে কুৱাৰেণ্টাইন হৈ আছে পৰিচালক সঞ্জয় লীলা ইতিমধ্যে ছবিৰ ছেটত থকা অন্যান্য কলাকৌশলীকো ক’ভিড পৰীক্ষণ কৰিবলৈ কোৱা হয়।

পৰিচালকজন বৰ্তমান ব্যস্ত আছিল ‘গাংগুবাই কাথিয়াৱাডি ‘ৰ দৃশ্যগ্ৰহণত।ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে অভিনেত্ৰী আলিয়া ভট্টে ।অভিনেতা ৰণবীৰ কাপুৰ ক’ভিড আক্ৰান্ত হোৱাৰ পাছত আলিয়াও বৰ্তমান ঘৰতে কুৱাৰেণ্টাইন হৈ আছে ।

যদিও ছবিখনৰ বেছিভাগ অংশ ইতিমধ্যে দৃশ্যগ্ৰহণ কৰা হৈছে।কিছুদিন আগতেই মুকলি কৰা হৈছিল ‘গাংগুবাই কঠিয়াৱাডিৰ ট্ৰেইলাৰ। ছবিখন ৩০ জুলাইত মুক্তি পাব বুলি আশা কৰা হৈছে। ‘গাংগুবাই কাথিয়াৱাডি” হুছেইন জাইদীৰ বিখ্যাত উপন্যাস ‘ মাফিয়া কুইন অফ মুম্বাই ৰ ওপৰত আধাৰিত।

Exit mobile version