ছ’চিয়েল মিডিয়াত ভাইৰেল এটা সোণৰ পাহাৰ

Screenshot 261

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ডেমক্ৰেটিক ৰিপাব্লিক অফ কঙ্গোৰ এটা বিশেষ ভিডিঅ ।য’ত দেখা গৈছে যে স্থানীয় বাসিন্দাসকলে কোৰ আৰু বেলছা লৈ পাহাৰৰ ফালে ৰাওনা হৈছে।য’ত খনন কৰি পোৱা গৈছে সোণৰ টুকুৰা। ভিদিঅটোত দেখা গৈছে যে,সোণৰ সন্ধানত নামি পৰিছে স্থানীয় বাসিন্দা।বহুলোকে ইতিমধ্যে সোণ লাভ কৰিছে।

ADVERTISEMENT

উল্লেখযোগ্য যে পাহাৰখন আফ্ৰিকাৰ কঙ্গোৰ দক্ষিণ কিভু প্ৰদেশৰ লুহিহি গাওঁত অৱস্থিত। ৬০ ৰ পৰা ৯০ শতাংশ সোণেৰে ভৰি আছে এই পাহাৰ।

হেজাৰ হেজাৰ মানুহে পাহাৰটো খননকাৰ্য আৰম্ভ কৰিছে। খবৰটো প্ৰশাসনে পোৱাৰ লগে লগে খনন কাৰ্য বন্ধ কৰিবলৈ জাৰী কৰিলে কঠোৰ নিৰ্দেশনা ।২০১৯ চনত বিশেষজ্ঞৰ এটা দলে কৈছিল যে উত্তৰ কিভু, দক্ষিণ কিভু আৰু ইটুৰি প্ৰদেশত খনন কৰা হ’লে সোণ পোৱা যাব।

Exit mobile version