প্ৰতিষেধক গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত পৰিসেৱাত যোগ দিব নোৱাৰিব পাইলট-বিমানকৰ্মীসকল

2065086 1810520142

প্ৰতিষেধক গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত বিমান চলাব নোৱাৰিব পাইলটসকলে । লগতে বিমান কৰ্মীসকলকো সেই সময়ৰ বাবে বিমানত আৰোহণ নকৰাৰ পৰামৰ্শ দিছে বিমান পৰিৱহণ নিয়ন্ত্ৰক ডিজিচিএ ।

এটা বিবৃতি জাৰী কৰি ডিজিচিএ জনায় যে, প্ৰতিষেধক গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ পাছত যদি কোনো উপসৰ্গ দেখা নিদিলে, পাইলট আৰু বিমানকৰ্মীসকলক সুস্থ বুলি গণ্য কৰা হ’ব আৰু বিমান পৰিসেৱাত যোগ দিয়াৰ অনুমতি প্ৰদান কৰা হ’ব ।

লগতে কোৱা হৈছে যে, প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত ৩০ মিনিটৰ বাবে বিমানকৰ্মীসকল পৰ্যৱেক্ষণত ৰখা হ’ব । কিন্তু প্ৰতিষেধক গ্ৰহণ কৰাৰ ৪৮ ঘণ্টা পৰ্যন্ত তেওঁলোকক অসুস্থ গণ্য কৰা হ’ব । যদি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত কোনো উপসৰ্গ পৰিলক্ষিত হয় তেতিয়া তৎক্ষণাৎ চিকিৎসা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে ।

ভাৰতত দ্বিতীয় পৰ্যায়ৰ টিকাকৰণ কাৰ্যসূচী আৰম্ভ হৈছে । এই পৰ্যায়ত সত্তোৰ্ধ্ব আৰু গুৰুত্বৰ ৰোগত আক্ৰান্ত ৪৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

Exit mobile version