ব্ৰিটিছ সদনত কৃষক সুৰক্ষা বিষয়ক আলোচনাত তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

india farmer protests 01

ভাৰতৰ ‘কৃষকসকলৰ সুৰক্ষা’ আৰু সংবাদ মাধ্যমৰ স্বাধীনতা’ক লৈ ব্ৰিটিছ সদনত হোৱা বিতৰ্কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নতুন দিল্লীয়ে । এই বিতৰ্কক গৰিহণা দি ‘পক্ষপাতিত্ব’ আৰু ‘ভুৱা’ আখ্যা দিছে কেন্দ্ৰীয় চৰকাৰে । ভাৰত চৰকাৰৰ এই প্ৰতিক্ৰিয়াত ব্ৰিটেইনে জনায় যে, দুয়ো দেশৰ প্ৰধানমন্ত্ৰীৰ সাক্ষাৎত এই বিষয়টো উত্থাপন কৰা হ’ব ।

সোমবাৰে ব্ৰিটিছ সদনত দিল্লীৰ কৃষক আন্দোলনত অংশগ্ৰহণকাৰীসকলৰ নিৰাপত্তাক লৈ এটা বিতৰ্ক হয় । প্ৰায় ডেৰ ঘণ্টাজুৰি হোৱা বিতৰ্কত তিনি কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত আন্দোলনৰত কৃষকসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ব্ৰিটেইন লেবাৰ পাৰ্টী, লিবাৰেল ডেম’ক্ৰেট আৰু স্কটিছ নেছনেল পাৰ্টীৰ একাধিক সদস্যই । কৃষক আন্দোলনক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোক তাক লৈও উদ্বিগ্ন বুলি জনায় । লগতে সংবাদ মাধ্যমৰ ওপৰতো ভাৰত চৰকাৰৰ ভূমিকাক লৈ আলোচনা হয় ।

লণ্ডনত ভাৰতীয় দূতাবাসৰ এটা বিবৃতিত ভাৰতৰ দাবী, ‘আমি অতি দুখেৰে জনাওঁ যে দুইপক্ষৰ মতামতক ভ্ৰূক্ষেপ নকৰাকৈ ভুৱা দাবীৰ ভিত্তিত কেৱল এক পক্ষৰ দৃষ্টিভংগীৰে আলোচনাৰ মাধ্যমত বিশ্বৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰ আৰু ইয়াৰ প্ৰতিষ্ঠানবোৰক কালিকা সনা হৈছে ।’

লিবাৰেল ডেম’ক্ৰেট দলৰ ভাৰতীয় বংশোদ্ভূত এমপি গাৰ্চ সিঙৰ আবেদনৰ ভিত্তিতে সদনত বিতৰ্ক আৰম্ভ হৈছিল । বিতৰ্কৰ আৰম্ভণিতে কৃষক আন্দোলন সন্দৰ্ভত ব্ৰিটিছ চৰকাৰৰ অৱস্থান স্পট কৰি দিয়ে স্কটিছ নেছনেল পাৰ্টীৰ এমপি মাৰ্টিন ডে । তেওঁৰ মন্তব্য, ‘ব্ৰিটেইনে পূৰ্বেই স্পষ্টভাৱে জনাইছে যে কৃষি সংস্কাৰ সন্দৰ্ভত পদক্ষেপৰ বিষয়টো ভাৰত চৰকাৰৰ সিদ্ধান্ত ।

সেয়ে আমি ভাৰতৰ কৃষি সংস্কাৰক লৈ আলোচনা কৰা নাই । আমি সেই আইনসমূহৰ বিৰুদ্ধে আন্দোলনকাৰীসকলৰ সুৰক্ষাক লৈ আলোচনা কৰিছো । (প্ৰতিবাদীসকলক নিয়ন্ত্ৰণ কৰিবলৈ) পানী নিক্ষেপ কৰা, ক্ৰন্দন গেছ ব্যৱহাৰ কৰা, বাৰেপতি আৰক্ষী-কৃষকৰ সংঘৰ্ষৰ সৃষ্টি হোৱা, প্ৰতিবাদস্থলীত ইণ্টাৰনেট সংযোগ বন্ধ কৰা এইবোৰেই উদ্বেগৰ সৃষ্টি কৰিছে । বহু কৃষকো আত্মঘাতী হৈছে বুলি প্ৰতিবেদনত জনোৱা হৈছে ।’

Exit mobile version