ভৱানীপুৰ সমষ্টিত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ সিদ্ধান্তক আদৰণি উত্তৰ ভৱানীপুৰ মণ্ডল বিজেপিৰ

2d4d71da cb2b 4037 9bad 244f78e227c7

বিগত দুটাকৈ কাৰ্যকাল এআইইউডিএফৰ দখলত থকা ৪১ নং ভৱানীপুৰ সমষ্টিত এইবেলি ভাৰতীয় জনতা পাৰ্টিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত সমষ্টিটোৰ বিজেপি নেতাকৰ্মী সকলৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে যদিও শেহতীয়াকৈ দলটোৰ উত্তৰ ভৱানীপুৰ মণ্ডল সমিতিয়ে এক সংবাদমেলযোগে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিছে৷

বাগসাৰ শালবাৰীত দলীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ উত্তৰ ভৱানীপুৰ মণ্ডল সমিতিৰ বিষয়ববীয়া সকলে কয় যে বিজেপিৰ ভৱানীপুৰ সমষ্টিৰ উত্তৰ ভৱানীপুৰ মণ্ডলে মৰ্চা সহিতে দলটোৰ ক্ষেত্ৰত বহু কষ্ট কৰিছিল৷দিনৰাতি একাকাৰ কৰি কাম কৰিছিল,আশা আছিল বিজেপি দলে ভৱানীপুৰ সমষ্টিত টিকট প্ৰদান কৰিব৷কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যিটো সিদ্ধান্ত লৈ টিকট প্ৰদান নকৰিলে সেই সিদ্ধান্তত বিজেপিৰ উত্তৰ ভৱানীপুৰ মণ্ডলে একমত পোষণ কৰে৷

সমষ্টিটোত মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব তেওঁকেই উত্তৰ ভৱানীপুৰ মণ্ডলে মানি ল’ব আৰু তেওঁৰ হৈ কাম কৰিব৷উত্তৰ ভৱানীপুৰ মণ্ডলত ১১১ টা বুথ, ২৪ টা শক্তিকেন্দ্ৰ আৰু ছয়টা মৰ্চা আছে, সকলোৱে মিলি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়যুক্ত কৰিব৷

দলটোৰ উত্তৰ ভৱানীপুৰ মণ্ডলৰ হৈ সংবাদমেলত উপস্থিত থাকে উপ সভাপতি উমেশ তালুকদাৰ,সাধাৰণ সম্পাদক ডিম্বেশ্বৰ পাটগিৰী,ত্ৰিদীপ নাথ,যুৱ মৰ্চাৰ সভাপতি শচীন তালুকদাৰ,শক্তিকেন্দ্ৰৰ আহ্বায়ক সঞ্জীৱ ডেকা,মনোজ নাথ,এছচি মৰ্চাৰ সভাপতি দিপেশ বিশ্বাস,সম্পাদক হিমাংশু কলিতা,কোষাধ্যক্ষ বিৰাজ দাস,অবিচি মৰ্চাৰ সহ সম্পাদক নিতুল নাথ তথা এছটি মৰ্চাৰ উপ সভাপতি গৌতম বড়ো৷

Exit mobile version