সৰভোগত ৰিপাব্লিক পাৰ্টিৰ টিকট লাভ সমাজসেৱক প্ৰকাশ ব্ৰহ্মৰ

57b793a1 86f8 4cd5 bbd1 99f53018c351

আজি ৪০ নং সৰভোগ সমষ্টিৰ অন্তৰ্গত তথা বাগসাৰ আনন্দ বজাৰ ভকুৱামাৰীত ৰিপাব্লিক পাৰ্টী অফ ইণ্ডিয়াৰ সৌজন্যত এক সংবাদমেল অনুষ্ঠিত কৰা হয়৷ সংবাদমেল সম্বোধন কৰি ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াৰ সংখ্যালঘু কোষৰ বাগসা জিলা সভাপতি জামাল উদ্দিনে সৰভোগ সমষ্টিত দলটোৰ হৈ অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থী হিচাপে সমাজ সেৱক প্ৰকাশ ব্ৰহ্মক দলে টিকট প্ৰদান কৰা বুলি ঘোষণা কৰে৷

সংবাদমেলত জামাল উদ্দিন আৰু প্ৰকাশ ব্ৰহ্মই সৰভোগ সমষ্টিত যোৱা দুটা বিধানসভা নিৰ্বাচনতে বিধায়ক হৈ বিজেপিৰ ৰঞ্জিত দাসে কোনো পৰ্যাপ্ত পৰিমানে উন্নয়ন কৰিব পৰা নাই সেই কথা জানিব পাৰিয়ে এইবেলি নিৰ্বাচনত মুখথেকেঁচা খোৱাৰ ভয়ত নিজ সমষ্টি এৰি অইন সমষ্টি পাটাছাৰকুছিত নিৰ্বাচন খেলিবলৈ গৈছে বুলি মন্তব্য কৰে৷

এইবাৰ সৰভোগ সমষ্টিৰ পৰা বিধায়ক হিচাপে ৰাইজে ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াৰ পৰা বনাব বুলি কয়৷ লগতে সৰভোগ সমষ্টিৰ মহাজোঁট বন্ধনৰ চিপিআইএম দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক তীব্ৰ সমালোচনা কৰি সংবাদমেলত কয় যে যেতিয়া এনআৰচিৰ শুনানিৰ প্ৰক্ৰিয়া চলি আছিল সেই সময়ত চিপিআইএমৰ কাৰ্যালয়ত গৈ অবহেলিত হৈছিল বহু লোক৷

তিৰস্কাৰ কৰিছিল মনোৰঞ্জন তালুকদাৰে৷ ডি ভোটাৰ সমস্যা সমাধান কৰিব বুলি শ্ল’গান দিয়া মনোৰঞ্জন তালুকদাৰৰ নাই কোনো সৎ সাহস৷ সেইগৰাকী নেতাই সৰভোগ সমষ্টিত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বুলি আজিৰ সংবাদমেলত উল্লেখ কৰে ৰিপাব্লিক পাৰ্টিয়ে৷

Exit mobile version