অব্যাহত আছে ম্যানমাৰত সেনা বিৰোধী প্ৰতিবাদ

GettyImages myanmar protest military 1231235563

ম্যানমাৰত সেনা বিৰোধী প্ৰতিবাদ অব্যাহত থকাকালীন কালি নিশা ইয়াংগনৰ ছানছাউং জিলাৰ এটা পথ আৰক্ষীয়ে ছিল কৰি দিয়াত প্ৰায় দুশজন প্ৰতিবাদকাৰী সেই পথতে আৱদ্ধ হৈ পৰে । গোটেই নিশা আৱদ্ধ হৈ থকাৰ পাছত আজি পুৱা পলায়ন কৰিবলৈ সক্ষম হয় শতাধিক প্ৰতিবাদকাৰী ।

স্থানীয় সংবাদ মাধ্যমে জনায় যে, প্ৰায় ৪০ জন প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । কালি ইয়াংগনৰ বিভিন্ন অঞ্চলত নতুনকৈ প্ৰতিবাদ আৰম্ভ হয় ।

সেনা শাসনৰ অৱসান আৰু অঙ্গ ছান ছ্যু কীসহ নিৰ্বাচিত চৰকাৰী নেতাসকলৰ মুক্তি বিচাৰি প্ৰতিবাদ কৰি এই পৰ্যন্ত ৫৪ জন লোকে প্ৰাণ হেৰুৱাইছে । ৰাষ্ট্ৰসংঘৰ সচিব এণ্ট’নিয়’ গুটৰেছে জনায় যে, সোমবাৰে আটক কৰা প্ৰতিবাদকাৰীসকলৰ ভিতৰত বহু সংখ্যকেই মহিলা আছিল যিসকলে আন্তৰ্জাতিক নাৰী দিৱসৰ সমদলত যোগ দিছিল ।

হিংসা প্ৰত্যাহাৰ কৰি তেওঁলোকক মুক্তি দিয়াৰ বাবে ম্যানমাৰৰ সেনাক আহ্বান জনাইছিল গুটৰেছে । ম্যানমাৰৰ ব্ৰিটিছ আৰু আমেৰিকাৰ দূতাবাসৰ পৰাও একেই আহ্বান জনোৱা হয় ।

Exit mobile version