অসম বিধানসভা নির্বাচনক লৈ তৎপৰ কোকৰাঝাৰ জিলা প্ৰশাসন

arrest 10

অসম বিধানসভা নির্বাচনৰ দিন তাৰিখ ঘোষণা হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে কোকৰাঝাৰ জিলা প্ৰশাসন। সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলা প্ৰশাসনেও তৎপৰ হৈ বিভিন্ন ধৰণৰ তালাচী অভিযান চলাইছৈ ।

আজি কোকৰাঝাৰ জিলাৰ সেৰফানগুৰী থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থকা অৱস্থাতে ৯২ হেজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। পশ্চিমবঙ্গৰ এজন ব্যৱসায়ীয়ে বলেৰো পিকআপ ভেনেৰে কোকৰাঝাৰলৈ আহি থকা অৱস্থাত টকাখিনি জব্দ কৰা হয়।

পশ্চিমবঙ্গৰ বিপ্লৱ দাস নামৰ ব্যৱসায়ীজনৰ পৰা উক্ত টকাখিনি জব্দ কৰে আৰক্ষীয়ে । টকাখিনি জব্দ কৰি কোকৰাঝাৰ জিলা প্ৰশাসনে জমা ৰাখে ।

Exit mobile version