কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সম্পাদক শুনাধৰ ৰায়ক আক্রাছুৰ গোঁসাইগাঁও আঞ্চলিক কমিটিৰ বিশেষ সম্ভৰ্ধনা

WhatsApp Image 2021 03 10 at 6.24.04 PM

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্রাছুৰ গোঁসাইগাঁও আঞ্চলিক কমিটিৰ উদ্যোগত আজি সদৰ চহৰখনৰ হাব্ৰুবিলস্থিত নেপালপাৰা বীৰ চিলাৰায় ভৱনত এখন দলীয় সভা অনুষ্ঠিত হয়। উক্ত সভাখনৰ জৰিয়তে সংগঠনটোৰ নতুনকৈ দায়িত্বভাৰ লাভ কৰা কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সম্পাদক শুনাধৰ ৰায়ক আক্রাছুৰ গোঁসাইগাঁও আঞ্চলিক কমিটিৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে শুভেচ্ছা তথা সম্ভৰ্ধনা জ্ঞাপন কৰা হয়।

কাৰ্যসূচীখনৰ অন্তত সাক্ষাৎকাৰত শুনাধৰ ৰায়ে কৃতজ্ঞতা প্ৰকাশ কৰি বিগত কংগ্ৰেছৰ চৰকাৰৰ লগতে বৰ্তমান ৰাজ্য তথা কেন্দ্ৰীয় বিজেপি চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ লগত কৰা প্ৰতাৰণাক লৈ এক প্ৰকাৰৰ সকীয়নী প্ৰদান কৰে।

তেওঁ কয় যে, কোচ ৰাজবংশী জনগোষ্ঠীক সকলো সময়তে চৰকাৰে ভোটবেংক হিচাপে ব্যৱহাৰ কৰি ক্ষমতা দখল কৰি আহিছে কিন্তু কোনো চৰকাৰে এই দিশত কোনো সঠিক পদক্ষেপ লোৱাৰ উদাহৰণ নাই। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বঙাইগাঁৱত অনুষ্ঠিত এক সভাত বিজেপি চৰকাৰ আহিলে ছয় মাহৰ ভিতৰতে কোচ ৰাজবংশীক জনজাতিকৰণ কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতিক ধিক্কাৰ দি আগন্তক দিনত এই সম্পৰ্কত বিজেপিক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ।

অন্যথা, অনাগত দিনত বিজেপি দলে বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ’ব লাগিব লগতে অনাগত বিধানসভা নির্বাচনত বিজেপিক বৰ্জন কৰিব বুলিও হুংকাৰ দিয়ে ছাত্ৰ নেতাগৰাকীয়ে ।

Exit mobile version