নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাত ৰাইজৰ সহযোগিতা কামনা ধুবুৰী জিলা নিৰ্বাচন বিষয়াৰ

'চি-ভিজিল' এপযোগে সকলোৱে দিব পাৰিব আচৰণবিধি ভংগৰ অভিযোগ

1530635372032

গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিত স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত ৰাইজৰ সহযোগিতা বিচাৰিছে জিলা নিৰ্বাচন বিষয়া দেৱ কুমাৰ কলিতাই৷ নিৰ্বাচনী আচৰণবিধি ভংগ আৰু ধনৰ প্ৰলোভনেৰে কোনো দল আৰু প্ৰাৰ্থী বা তেওঁলোকৰ সমৰ্থকে যাতে নিৰ্বাচনী প্ৰক্ৰিয়াটোক কলুষিত কৰিব নোৱাৰে তাৰ বাবে প্ৰতিজন ভোটাৰক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ৷

নিৰ্বাচনী আচৰণবিধি ভংগ কৰিলে সহজে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব পৰা ‘চি-ভিজিল’ (‘c- VIGIL’) নামৰ মোবাইল এপটোৰ কথা সদৰি কৰি জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলো ভোটাৰকে এপটো ডাউনলোড কৰি ল’বলৈ আহ্বান জনায় ৷ ‘c- VIGIL’ নামৰ এপটোৰ সহায়ত যিকোনো লোকে নিৰ্বাচনী আচৰণবিধি ভংগৰ কোনো ঘটনাৰ ফটো তুলি বা ভিডিঅ’ ৰেকৰ্ডিং কৰি অভিযোগ দাখিল কৰিব পাৰিব ৷

অভিযোগ দিয়াৰ লগে লগে নিয়ন্ত্ৰণ কক্ষই সেই অভিযোগ ক্ষেত্ৰ পৰ্যায়ত সক্ৰিয় হৈ থকা ফ্লায়িং স্কোৱাৰ্ড আৰু স্থিৰ নিৰীক্ষণকাৰী দললৈ প্ৰেৰণ কৰিব ৷ তেওঁলোক তৎক্ষণাত সেই স্থানলৈ গৈ ঘটনাৰ তদন্ত কৰি নিৰ্বাচনী আচৰণবিধি ভংগকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷

এই এপত কোনো পুৰণা ফটো বা ভিডিঅ’ আপলোড কৰিব নোৱাৰি আৰু এপটোত থকা কেমেৰাৰ সহায়ত ঘটনাৰ ফটো বা ভিডিঅ’ লোৱাৰ পাঁচ মিনিটৰ ভিতৰত অভিযোগ দাখিল কৰিব লাগে ৷ নিৰ্বাচনী আচৰণবিধি ভংগকাৰীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ এই ব্যৱস্থা ৰাইজৰ সহযোগিতা অবিহনে ফলপ্ৰসূ নহ’ব আৰু সেয়ে এই ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ জিলা নিৰ্বাচন বিষয়াই আহ্বান জনাইছে ৷

Exit mobile version