প্ৰাৰ্থীত্ব পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে পাটাছাৰকুছিত উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস

টিহুৰ হেজাৰ হেজাৰ ৰাইজৰ উষ্ম আদৰণি সভাপতিগৰাকীক

WhatsApp Image 2021 03 10 at 6.38.48 PM

প্ৰাৰ্থীত্ব পোৱাৰ পাছত পোন প্ৰথমবাৰৰ বাবে আজি পাটাছাৰকুছি সমষ্টিত উপস্থিত হয় ৰাজ্যিক সভাপতি ৰণজিৎ দাস । টিহুৰ পৰা আৰম্ভ কৰা এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে সভাপতি দাসে । সহস্ৰ সমৰ্থকেৰে পাটাছাৰকুছিৰ বাটে-পথে আজি কেৱল ৰঞ্জিত দাস জিন্দাবাদ ধ্বনি ।

প্ৰাৰ্থীত্ব পোৱাৰ পাছত আজি প্ৰথমবাৰলৈ পাটাছাৰকুছি সমষ্টিৰ টিহুৰ চকত উপস্থিত হৈ টিহু মন্দিৰত পূজা-অৰ্চনা আগবঢ়াই সভাপতিগৰাকীয়ে ৷ ইয়াৰ পাছতে হেজাৰ হেজাৰ সমৰ্থকেৰে ওলিওৱা বাইক ৰেলীৰে সমষ্টিটোৰ টিহু, হেলনা, জালিখাটা, ৰায়পুৰ , নিত্যানন্দ, কেন্দুগুৰী আদি ঠাই ভ্ৰমণ কৰে ৷

সমষ্টিটোৰ বিভিন্ন ঠাইত দাসৰ বাবে অপেক্ষা কৰা সমৰ্থকসকলে গামোচা ফুলেৰে উস্ম আদৰণি জনায় ৷ আনহাতে, পাঠশালাৰ টাউন ক্লাবে আতচবাজীৰে তেওঁক উস্ম আদৰণি জনায় ৷ পাঠশালাৰ অঞ্চলী ৰʼডত বজালী জিলা বিজেপিৰ এটি কাৰ্যালয় মুকলি কৰা হয় ৷

সাংবাদিকৰ স’তে এক সাক্ষাৎকাৰত সভাপতি দাসে কয়, ‘পাটাছাৰকুছিত মই এইবাৰ বিপুল ভোটৰে জয়লাভ কৰিম ।’
আনহাতে, অসমৰ কাম কৰাৰ স্বাৰ্থত পাটাছাৰকুছি বাসীক নিজকে ৰঞ্জিত দাস হিচাপে ভাবি প্ৰচাৰ অব্যাহত ৰখাৰ আহ্বান জনাই সভাপতিগৰাকীয়ে ৷ উজনি অসমত কংগ্ৰেছ জিৰো হ’ব আৰু বিজেপিয়ে এশ শতাংশ আসন পাব বুলি দাবী কৰে ।

বদৰুদ্দিন আজমলৰ মুছলমান ৰাষ্ট্ৰ কৰাৰ প্ৰশ্নক কটাক্ষ কৰি সভাপতি দাসে কয়, ‘বদৰুদ্দিন আজমলৰ মনৰ ইচ্ছা এক ইঞ্চিও পুৰণ হ’বলৈ নেদিও ৷ অসমীয়া জাতিৰ দুৰ্বলতাৰ সুযোগ লৈ কংগ্ৰেছে লাখ লাখ প্ৰব্ৰজনকাৰীক ভাৰতীয় ভোটাৰ কৰি থৈছে ৷ আমি এতিয়া মধ্য অসমত পশ্চিম অসমত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষমতা হেৰাই পেলাইছো । এসময়ত যি স্থানত কো‌ঁচ ৰজা নৰনাৰায়ণৰ দপদপনি আছিলে আজি সেই স্থানত বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমলৰ দপদপনি চলিছে ।’

তেওঁ লগতে কয়, ‘স্বাভিমানী অসমীয়া আৰু স্বাভিমানী ভাৰতীয়সকলে আমি অংগিকাৰ কৰিছো আৰু এটা খোজো আমি বদৰুদ্দিন আজমলক আগুৱাই আহিব নিদিওঁ । এতিয়া মুছলমান সমাজৰ লোকসকল শিক্ষিত হৈছে, তেওঁলোকে এতিয়া আৰু মৌলবী মাগবৰৰ কথাত ভোট নিদিয়ে ।’

Exit mobile version