ভাইৰেল হ’ল ম্যানমাৰৰ এইখন ছবি :সেনাৰ আতিশয্য ৰােধ কৰিবলৈ গ্ৰহণ কৰিলে অভিনৱ পদক্ষেপ

খ্রষ্টধর্মী সেৱিকাৰ জোৱানক বাধা :মােক গচকি যাব লাগিব

My Post 2021 03 10T115011.942

ম্যানমাৰত গণতান্ত্রিক চৰকাৰক ক্ষমতাচ্যুত কৰি সেনাই দেশৰ ক্ষমতা হাতত লােৱাৰ পাছৰে পৰা ৰাজনৈতিক অস্থিৰতা বাহাল আছে। সামৰিক শাসনৰ তীব্ৰ বিৰােধিতাৰে ম্যানমাৰৰ গণতন্ত্রপ্রেমীয়ে আন্দোলন অব্যাহত ৰাখিছে। গণতান্ত্রিক আন্দোলন মষিমূৰ কৰিবলৈ সেনা আৰু আৰক্ষীয়ে লাঠিচালনা, কন্দুৱা গেছৰ প্ৰয়ােগৰ লগতে গুলিবর্ষণাে কৰি আহিছে।

এতিয়ালৈকে সেনাৰ বৰ্বৰ আচৰণত দেশখনত কমেও ৫০ জন গণতান্ত্রিক আন্দোলনকাৰীৰ মৃত্যু হৈছে। শেহতীয়াভাৱে ম্যানমাৰৰ এই আন্দোলনৰ এখন ফটোগ্রাফ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ফটোত এগৰাকী খ্রীষ্টধর্মী সেৱিকাই সেনাৰ আগত আঠু কাঢ়ি প্রার্থনা কৰাৰ দৃশ্য আবদ্ধ হৈছিল।

এই ঘটনা সংঘটিত হৈছিল যােৱা ২৮ ফেব্ৰুৱাৰীত। সেনাই প্রতিবাদকাৰীক গুলিয়াবলৈ সাজু হােৱাত উক্ত স্থানত উপস্থিত হােৱা ছিষ্টাৰ ৰজাই আৰক্ষী-সেনাৰ সন্মুখত আঠু কাঢ়ি বহি তেওঁলােকক গুলিবর্ষণ নকৰিবলৈ অনুৰােধ জনাইছিল। নিজৰ জীৱনলৈ পৰােৱাই নকৰি ৰজাই ৰাজপথত সেনাৰ সন্মুখত আঠু কাঢ়ি বহি কৈছিল, আপােনালােকে যদি আক্ৰমণ কৰিব বিচাৰিছে, তেন্তে মােক গচকি যাব লাগিব।

ইয়াৰ পাছত আৰক্ষীয়ে কন্দুৱা গেছ প্রয়ােগ কৰাত ৰজাৰ অসুস্থ হােৱাত তেওঁক সুৰক্ষিত স্থানলৈ প্রতিবাদকাৰীসকলে লৈ গৈছিল। অৱশ্যে এই ঘটনাৰ মাজতে সেনাৰ গুলিত এজন লােকৰ মৃত্যু হয়। সেনাৰ আতিশয্য ৰােধ কৰিবলৈ খ্রীষ্টধর্মী সেৱিকাই গ্রহণ কৰা এই পদক্ষেপে বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।

Exit mobile version