ক’ভেক্সিনৰ জৰুৰী প্ৰয়োগৰ ক্ষেত্ৰত দিয়া চৰ্ত তুলি ল’লে ভাৰতীয় গৱেষণা চিকিৎসা প্ৰতিষ্ঠানে

1615407267 9568

ক’ভেক্সিনৰ ক্লিনিকেল ট্ৰায়েলৰ সময়ত ভাৰতীয় গৱেষণা চিকিৎসা প্ৰতিষ্ঠানে জৰুৰী ব্যৱহাৰৰ বাবে প্ৰদান কৰা অনুমোদন পত্ৰৰ চৰ্ত তুলি লয় ।

আইচিএমআৰে জনায়, এইবাৰ সাৰ্বজনীনভাৱে জৰুৰী ভিত্তিত ব্যৱহাৰ কৰা হ’ব ভাৰত বায়’টেকৰ ক’ভেক্সিন । ক’ভেক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক প্ৰয়োগৰ ফলাফল লাভ কৰাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

কৰ’নাৰ বিৰুদ্ধে ভাৰতত প্ৰস্তুত কৰা প্ৰথম প্ৰতিষেধক ক’ভেক্সিন । ক’ভিশ্বিল্ডৰ লগতে ক’ভিক্সিনকো জৰুৰী ভিত্তিত প্ৰয়োগৰ বাবে অনুমোদন দিয়া হয় ভাৰতত । ক’ভিক্সিনক এক প্ৰকাৰ পৰীক্ষামূলক প্ৰয়োগ বা ‘ট্ৰায়েল মোদ’ত অনুমোদন প্ৰদান কৰা হৈছিল ।

সেয়ে বহুতে এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ নাকচ কৰিছিল । বহুতেই পৰীক্ষামূলক প্ৰয়োগৰ চূড়ান্ত ফলাফল লাভ কৰাৰ পূৰ্বেই প্ৰতিষেধক প্ৰদান কৰাটো ঠিক হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছিল ।

মাৰ্চৰ তিনি তাৰিখে তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ ফলাফল ঘোষণা কৰে ভাৰত বায়’টেকে । সংস্থাই জনায় যে, তৃতীয় পৰ্যায়ৰ ফলাফলত পোৱা গৈছে যে এই প্ৰতিষেধক ক’ভিডৰ বিৰুদ্ধে ৮১ শতাংশ কাৰ্যকৰী । মুঠ ২৫,৮০০জন স্বেচ্ছাসেৱকৰ শৰীৰত তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক প্ৰয়োগ কৰা হয় ।

ভাৰতীয় লোকৰ শৰীৰতেই আটাইতকৈ বেছি এই প্ৰতিষেধকৰ কাৰ্যকৰীতা পৰিলক্ষিত হয় । আইচিএমআৰে সমগ্ৰ প্ৰক্ৰিয়াটোৰ পৰ্যৱেক্ষণ কৰে ।

Exit mobile version