চাৰিদিনীয়া কাৰ্যসূচীৰে সেৰফানগুৰীৰ দেবৰগাঁৱত শিৱ পূজা আৰু মেলাৰ আয়োজন

WhatsApp Image 2021 03 11 at 5.55.10 PM

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সেৰফানগুৰীৰ দেবৰগাঁৱত  আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে শিৱ পূজা আৰু মেলা অনুষ্ঠিত কলা হয়। উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি আজি দুপৰীয়া মহিলাসকলে নৈৰ পৰা পানী আনে আৰু পূজা আৰম্ভ কৰে।

আজি নৱনিৰ্মিত শিৱ মন্দিৰৰ আৰম্ভণি কৰে দেবৰগাওঁ গাঁৱৰ গাঁওবুঢ়াই । আজিৰে পৰা আৰম্ভ হোৱা শিৱ পূজাত শিৱ পূৰাণ পাঠ, কামতা কাব্য পাঠ, সন্ধিয়া আৰতিৰ লগতে কোচৰাজবংশী বৰ্ণালী নাট্য গোষ্ঠীৰ পালাগান অনুষ্ঠান হ’ব বুলি মন্দিৰ পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক ধনঞ্জয় ৰায়ে প্ৰকাশ কৰে।

উক্ত অনুষ্ঠানত সকলো ৰাইজক উপস্থিত হৈ শান্তি শৃঙ্খলা বজাই ৰাখি অনুষ্ঠানটো সফল ৰূপ দিবলৈও আহ্বান জনায়।

Exit mobile version