দালাই লামা প্ৰসংগত চীনক হুংকাৰ আমেৰিকাৰ

dalai lama anniversary 3

তিব্বত ধৰ্মগুৰু দলাই লামাৰ নিৰ্বাচনত চীনক হস্তক্ষেপ নকৰিবলৈ হুংকাৰ দিলে আমেৰিকাই । আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ নেড প্ৰাইছে কয়, ‘পৰৱৰ্তী দলাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত চীনে কোনো ভূমিকা গ্ৰহণ কৰিব নোৱাৰিব ।’ লগতে, ২৫ বছৰ পূৰ্বে পাঞ্চেন লামাৰ উত্তৰসূৰী নিৰ্বাচনী প্ৰক্ৰিয়াত চীনে কৰা হস্তক্ষেপৰ কথাও তেওঁ ব্যক্ত কৰে ।

তিব্বতত দলাই লামাৰ পাছত আটাইতকৈ গুৰুত্বপূৰ্ণ পদ পাঞ্চেন লামাৰ । ২৫ বছৰ পূৰ্বে ৰহস্যজনকভাৱে নিখোজ হয় তৎকালীন পাঞ্চেন লামা । তেওঁৰ পৰিৱৰ্তে চীন চৰকাৰে নিজৰ মনোনিত প্ৰাৰ্থীক সেই পদ দিব বিচাৰি ধৰ্মীয় স্বাধীনতা ক্ষুণ্ণ কৰিছিল বুলি মত প্ৰকাশ কৰে আমেৰিকাই ।

১৯৯৩ৰ ১৩ ফেব্ৰুৱাৰীত তিব্বতৰ ১৩তম দালাই লামাই স্বাধীন তিব্বতৰ কথা ঘোষণা কৰিছিল । সেইদিনাৰ পৰাই তিব্বতত ১৩ ফেব্ৰুৱাৰী দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় ।

মানৱ অধিকাৰ কৰ্মীসকলৰ অনুযায়ী, ১৯৫০ৰ পৰা চীনে পুনৰ তিব্বতৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আহিছে । তেতিয়াৰ পৰা তিব্বতৰ ধৰ্মীয় আৰু সাংস্কৃতিক স্বাধীনতাও ক্ষুণ্ণ কৰা হৈছে । চীনৰ চাপৰ ফলতেই ১৯৫৯ত ভাৰতলৈ পলায়ন অৰে দালাই লামাই । ইয়াৰ পাছত তেওঁ উত্তৰ ভাৰতৰ ধৰ্মশালাত আশ্ৰয় লয় ।

তিব্বতৰ ওপৰত চীনৰ হস্তক্ষেপ ৰোধ কৰিবলৈ পূৰ্বেও চেষ্টা চলাইছিল আমেৰিকাই । প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আমোলত এই বিষয়ত এটা আইনো পাছ কৰা হয় । আইন অনুসৰি, দালাই লামাৰ উত্তৰসূৰী নিৰ্বাচন প্ৰক্ৰিয়াত চীনৰ যিসকল অধিকাৰীয়ে হস্তক্ষেপ কৰিব, তেওঁলোকক আমেৰিকাই বাধা আৰোপ কৰিব । আইনটো মাৰ্কিন কংগ্ৰেছৰ দুইপক্ষৰ পৰাই বিপুল সমৰ্থনেৰে পাছ কৰা হয় ।

Exit mobile version