পাঠশালাত মায়াৰ দৰ্শনত বুৰ গ’ল বিজেপিৰ সভাপতি ৰণজিৎ দাস

পাঠশালাৰ অৰ্ধ শতাধিক শিৱ পূজাত অংশগ্ৰহণ দাসৰ

WhatsApp Image 2021 03 11 at 7.36.34 PM

‘মায়াময় এই সংসাৰ ৷ ৰাইজৰ কামতো আছে মাথোঁ মায়া ৷ এই মায়াৰ পৰা মুক্ত হোৱাটো বৰ কঠিন ৷ সেইবাবে আমি এই মায়াৰ পৰা মুক্ত হ’ব নোৱাৰো ৷’ আজি দিনৰ দুই বজাত বিজেপিৰ ৰাজ্যিক সভাপতি তথা পাটাছাৰকুছি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দাসে পাঠশালাত প্ৰজাপিতা ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা শিৱ পূজাৰ এক অনুষ্ঠানত অংশ লৈ নিজৰ দাৰ্শনিক সুলভ ভাষণ প্ৰদান কৰি ক্ষন্তেক সময়ৰ কাৰণে উদাস হৈ পৰে ৷

কথাৰ মাজতেই ৰাজনীতিবিদজনে ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ত নিজৰ বহুদিনীয়া সম্পৰ্কৰ কথা জানিবলৈ দিয়ে ৷ নিজৰ প্ৰাৰ্থীত্বৰ কথা উল্লেখ কৰি মায়াত বুৰ যোৱা ৰাইজৰ আশা আকাংক্ষা পুৰণৰ বাবে শক্তি প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনাই ৷

উল্লেখ্য যে ৰাজ্যিক সভাপতি গৰাকীয়ে আজিৰ দিনটোত পাটাছাৰকুছি সমষ্টিত সৰিহ, জালিখাটা, ডুবি, সাদেৰী গোবিন্দপুৰ আদিকে ধৰি প্ৰায় অৰ্ধ শতাধিকটা অনুষ্ঠানত উপস্থিত থাকি পূজা অৰ্চনা কৰি বিভিন্ন ঠাইত নিজৰ নিৰ্বাচনী কুচ কাৱাজ অব্যাহত ৰাখে ।

Exit mobile version