ভগৱান শিৱৰ ফটো প্ৰেৰণ নকৰি অসহায়ক সহায় কৰাৰ আহ্বান

শিৱৰাত্ৰিত বাৰ্তা ছনুৰ

1036572 sonu sood

তলাবন্ধৰ সময়ত সাধাৰণ জনতাক সহায় কৰি ছনু ছুদ হৈ পৰিছে ৰাষ্ট্ৰীয় নায়ক । তেওঁ শিৱৰাত্ৰিৰ দিনাখন নিজৰ অনুৰাগীসকলক অসহায়ক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ।

জনপ্ৰিয় অভিনেতাজনে টুইট কৰে, ‘ভগৱান শিৱৰ ফটো প্ৰেৰণ নকৰি, অসহায়সকলক সহায় কৰক । ওঁম নমঃ শিৱায় ।’ তেওঁ নিজেও এই একেই পথ অনুসৰণ কৰিছে । কৰ’না অতিমাৰীৰ সময়ত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোকসকলক নিজ গৃহত উভতাৰ ব্যৱস্থা কৰি দিছিল ছনুৱে ।

লগতে বহুতক কৰ্মসংস্থাপন আৰু পঢ়া-শুনাৰ ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়াইছিল অভিনেতাজনে । তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবৰ বাবে মন্দিৰ নিৰ্মাণ কৰা হৈছে । সেয়ে শিৱৰাত্ৰিৰ দিনা নিজৰ মতাদৰ্শৰে অনুপ্ৰাণিত কৰিলে ছনুৱে ।

একাধিক সমাজসেৱামূলক কাম কৰিও ট্ৰলিঙৰ সন্মুখীন হয় ছনু । একাংশ ৰাজনৈতিক নেতাই তেওঁৰ বিষয়ে নেতিবাচক মন্তব্য কৰে । কিন্তু তেওঁ জনায় যে, এইসমূহ মন্তব্যৰে তেওঁ প্ৰেৰিত নহয় । তেওঁ কেৱল সাধাৰণ জনতাৰহে জবাবদিহী হ’ব ।

চনু ছুদৰ লগতে, জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী অজয় দেৱগণ, কাজল, কংগনা ৰণৌটেও নিজৰ অনুৰাগীসকলক শিৱৰাত্ৰিৰ শুভেচ্ছা জনায় ।

Exit mobile version