নলবাৰীত এগৰাকী আজব প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

সমষ্টিত কিমান ভোটাৰ আছে নাজানে প্ৰাৰ্থীয়ে

74171802

বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । প্ৰতিটো ৰাজনৈতিক দলে সমাগত নিৰ্বাচনত অংশ গ্ৰহণ কৰিবলৈ কঁকালত টঙালী বান্ধিছে ।

সম্প্ৰতি, নলবাৰী সমষ্টিৰ আটাইতকৈ চৰ্চিত ব্যক্তি গৰাকীয়ে হৈছে গোপী বৰুৱা । সাধাৰণ জ্ঞানটো ব্যাপক দখল আছে তেওঁৰ । গোপী বৰুৱা হৈছে ৩০ বছৰ পুৰণি স্নাতক ডিগ্ৰীধাৰী । এই স্নাতক ডিগ্ৰীধাৰী লোকজনে এইবেলি নলবাৰী সমষ্টিৰ পৰা তৃণমুল কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিব । নলবাৰী সমষ্টিত সৰ্বমুঠ ভোটাৰ আছে দুই লাখ তিনি হেজাৰ ৬৭৭ গৰাকী ।

প্ৰাৰ্থী বৰুৱাৰ মতে, নলবাৰী সমষ্টিত ভোটাৰ আছে এক লাখ ৮৫ হেজাৰ চাৰিশ । সমষ্টিৰ ভোটাৰৰ সংখ্যা নজনা প্ৰাৰ্থীগৰাকীয়ে নাজানে সমষ্টিটোত কিমানখন গাঁও আছে । ৰাজ্যৰ ৰাজ্যপাল আৰু দেশৰ ৰাষ্ট্ৰপতিৰ নামটোও নাজানে তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ।

নলবাৰীৰ আৰক্ষী অধীক্ষকৰ নাম মনত নাই বুলি মন্তব্য কৰে বৰুৱাই । প্ৰাৰ্থী বৰুৱাই আৰক্ষী অধীক্ষকৰ নাম কয়, এছ পি মনজিৎ কৌৰ । কিন্তু অধীক্ষকগৰাকীৰ নাম অমনজিৎ কৌৰ ।

কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞাইয়ো নাজানে তেওঁ নিৰ্বাচনত অংশ লোৱা নলবাৰী সমষ্টিৰ প্ৰাৰ্থীৰ সংখ্যা । নলবাৰী সমষ্টিত সৰ্বমুঠ ভোটাৰ আছে দুই লাখ তিনি হেজাৰ ৬৭৭ গৰাকী । কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে কয়, সমষ্টিটোত ভোটাৰ আছে দুই লাখ ।

লক্ষনীয়ভাৱে আগন্তুক এক এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নলবাৰী সমষ্টিত এতিয়া লৈ সাত গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা , অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী নগেন ডেকা , কংগ্ৰেছ নেতৃত্বাধীন মহাজোটৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদ্যুৎ ভূঞা, এছ ইউ চি আইৰ প্ৰাৰ্থী কেনেডি পেগু , নিৰ্দলীয় প্ৰাৰ্থী অপুৰ্ব পাঠক , কেশব বৰ্মন আৰু তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থী গোপী বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে ।

Exit mobile version