১৫ মার্চৰ পৰা কৰ’নাৰ বাবে নাগপুৰত তলাবন্ধ

1584854064 4548

মহাৰাষ্ট্ৰত কৰ’নাৰ ব্যাপক সংক্রমণে অঞ্চলভিত্তিক পুনৰ তলাবন্ধৰ সিদ্ধান্ত ল’বলৈ প্রশাসনক বাধ্য কৰিলে। অহা ১৫ মার্চৰ পৰা ২১ মার্চলৈকে এসপ্তাহ নাগপুৰত তলাবন্ধৰ নির্দেশ দিলে প্রশাসনে। দেশজুৰি হােৱা তলাবন্ধৰ সময়ত চৰকাৰে যিসমূহ বিধিনিষেধ আৰােপ কৰিছিল সেইসমূহ নাগপুৰত তলাবন্ধত প্রযােজ্য হ’ব।

যােৱা বুধবাৰে নাগপুৰত ১৭১০ জন লােকৰ শৰীৰত কৰনা ভাইৰাছৰ সংক্ৰমণ চিনাক্ত হৈছিল। এই তথ্য প্রকাশৰ পাছতে প্রশাসনে তলাবন্ধৰ সিদ্ধান্ত লয়। ১৫ মার্চৰ পৰা এসপ্তাহৰ বাবে নাগপুৰত কেৱল অত্যাৱশকীয় সেৱাসমূহে বাহাল থাকিব। ইফালে, থানেতাে প্রশাসনে আংশিক তলাবন্ধ বাহাল ৰাখিছে।

Exit mobile version