দোতমাত জেষ্ঠ নাগৰিকৰ লগত মতবিনিময় অনুষ্ঠান বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ 

995424f1 2033 4dfc b37a 14902248c200

অসম বিধান সভা নিৰ্বাচনৰ দিন ঘোষনা হোৱাৰ লগে লগে গোটেই অসমৰ লগতে বিটিআৰ অঞ্চলতো নিৰ্বাচনী বতাহ বলিছে ।আজি কোকৰাঝাৰ জিলাৰ দোতমাৰ ধান বাজাৰত এক সভা অনুষ্ঠিত কৰি জেষ্ঠ নাগৰিকৰ লগত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে বিপিএফ দলৰ সভাপতি তথা বিটিছিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ।

উক্ত  মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে এইবেলি কংগ্ৰেছ, এআইউ ডিএফ , বিপিএফৰ মহাজোটৰ চৰকাৰ গঠন হবলৈ গৈ আছে । সেইবাবে আপোনালোক কোনো চিন্তাকৰিব নালাগে । এইবেলি বিটিছিত আপোনালোক বিপিএফ দলক ভোট দিলেই হব। আমাৰ ইয়াত এআই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল তথা  হুজুৰো নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিব বুলিও প্ৰকাশ কৰে ।

আজিৰ মতবিনিময় অনুষ্ঠানত বিপিএফ প্ৰধান  হাগ্ৰামা মহিলাৰীৰ লগতে উপস্থিত থাকে বিপিএফ দলৰ কোকৰাঝাৰ জিলা সভাপতি দেৰহাসাৎ বসুমাতাৰী , প্ৰাক্তন বিধায়ক প্ৰদীপ কুমাৰ ব্ৰহ্ম , ৰাজেন্দ্ৰ বসুমাতাৰী , দোতমা সমষ্টিৰ এমছিএলএ প্ৰকাশ বসুমাতাৰীৰ লগতে অইন অইন বিষয় ববীয়া সকলো উপস্থিত থাকে ।দোতমাত অনুষ্ঠিত জেষ্ঠ নাগৰিকৰ লগত মত বিনিময় অনুষ্ঠানত জেষ্ঠ নাগৰিকৰ উপস্থিতিয়ে বিপিএফ দলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি প্ৰকাশ কৰে এমছিএলএ বসুমাতাৰীয়ে।

Exit mobile version