প্ৰমিলা ৰানী ব্ৰহ্ম আগত হে প্ৰভাৱশালী মন্ত্রী আছিল এতিয়া নাই : লৰেঞ্চ ইছলাৰী

104f94c3 a7e0 464e aa60 166d1674b080 1

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমুহ। ইতিমধ্যে নিৰ্বাচন আয়োগে অসমত তিনিটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্র দাখিল ইতিমধ্যে সমাপ্ত হৈছে।অসম বিধানসভা নির্বাচনৰ কাৰণে সকলো প্ৰকাৰে সাজু হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দল।

সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ৩০ নং পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিৰ প্ৰাৰ্থীত্বৰ দাবিদাৰ লৰেঞ্চ ইছলাৰীয়ে কয় যে বিটিআৰ চুক্তি হোৱাৰ পিছত মই নিখিল বড়ো ছাত্র সন্থাৰ পৰা অব্যাহতি লৈ ইউপিপিএল দলত যোগদান কৰিছো কিয়নো মইয়ো এজন চুক্তি স্বাক্ষৰকাৰী আৰু চুক্তিত থকা দফাবিলাক বাস্তব ৰূপ দিবৰ কাৰণে মোৰো এটা দায়িত্ব আছে আৰু সেই দায়িত্ব কৰ্তব্যটো পালন কৰিবৰ বাবে মই ইউপিপিএল দলত যোগদান কৰিছো।

যিহেতু বিটিআৰত ইউপিপিএল, বিজেপি, জিএছপিৰ চৰকাৰ গতিকে ৰাইজ আমাৰ লগতে আছে। ৩০ নং পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিৰ পৰা যদি বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম হয় তেন্তে তেখেতৰ পৰাজয় বৰন কৰাটো খাটাং।

বিপিএফ দলে যোৱা ১৫ বছৰত কেৱল দূৰ্নীতি আৰু অপশাসন কৰিলে ৰাইজৰ একো উন্নতি সাধন নহ’ল লগতে লৰেঞ্চ ইছলাৰীয়ে কয় যে প্ৰমিলা ৰানী ব্ৰহ্ম প্ৰভাৱশালী মন্ত্রী আছিল যদি আগতে আছিল এতিয়া তেখেত আৰু প্ৰভাৱশালী হৈ থকা নাই।

এইবাৰ অসম বিধানসভা নির্বাচনত তেখেতৰ ৰাজনৈতিক জীৱনৰ সামৰণি পৰিব বুলিও মন্তব্য কৰে লৰেঞ্চ ইছলাৰীয়ে । সকলো জাতি জনগোষ্ঠীয়ে বিটিআৰ অঞ্চলত শান্তি বিচাৰিছে আৰু এই শান্তি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰে আনিব।

Exit mobile version