ভাইৰেল ট্ৰেফিক জাম ,এভাৰেষ্টত ফটো ভিডিঅ বনোৱা নিষিদ্ধ কৰিলে নেপালে

nepal is banning mount everest climbers from taking pictures and videos of others without consent

নেপালে অভিযান দলৰ আন সদস্য বা আৰোহীসকলক মাউণ্ট এভাৰেষ্টত ছবি বা ভিডিঅ’ লোৱাৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।

দেশৰ পৰ্যটন বিভাগে শেহতীয়াকৈ জাননী জাৰি কৰি কয় যে প্ৰতিজন আৰোহীয়ে তেওঁলোকৰ ফটো আৰু গোটৰ ফটো বা ভিডিঅ’ কৰিব পাৰিব কিন্তু আন আৰোহীসকলৰ ছবি বা ভিডিঅ’ লোৱাটো শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হ’ব।

২০১৯ চনৰ মে মাৰ্চত নিৰ্মল পূর্জা নামে এজন নেপালী পৰ্বতআৰোহীয়ে ‘ট্ৰেফিক জাম’ শীৰ্ষক কেপশ্বনত এভাৰেষ্টৰ ওপৰত মানুহৰ এটা দীঘলীয়া লাইনৰ এখন ফটো প’ষ্ট কৰে। ছবিখন মুহূৰ্ততে ভাইৰেল হৈ পৰে আৰু তাৰ পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় নেপাল চৰকাৰ।

নেপাল চৰকাৰৰ বিষয়াসকলে হিমালয়ৰ পৰিৱেশতন্ত্ৰক লৈ বিশ্বব্যাপী সংবাদ মাধ্যমত তীব্ৰ নিন্দিত হোৱাৰ সন্মুখীন হৈছিল। পৰ্বত আৰোহণ সমিতিয়ে নেপালৰ মাউণ্ট এভৰেষ্ট পৰ্যটনৰ ব্যৱস্থাপনাৰ ওপৰতো প্ৰশ্ন কৰে।
এই সন্দৰ্ভত নেপালৰ পৰ্যটন বিভাগৰ বিষয়া মীৰা আচাৰ্যই সংবাদ মাধ্যমক কয় যে এতিয়াৰ পৰা মাউন্ট এভাৰেষ্টলৈ যোৱা গোটৰ বাহিৰে মাউণ্ট এভৰেষ্টত কোনো ফটো-ভিডিঅ’ ল’ব নোৱাৰিব।নেপালে এক নিৰ্দেশনাও মুকলি কৰিছে যিবোৰ সেই দেশৰ বাহিৰে অন্যান্য পৰ্বতটো অনুসৰণ কৰিব লাগিব।

Exit mobile version