১২১ নং চাবুৱা বিধানসভাৰ সমষ্টিত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰিছে বিজেপিৰ নেত্ৰী প্ৰিয়ংকা নেওঁগে

3356e22f 75f0 449a b4da bd536714713f

চাবুৱাত ২৭ মাৰ্চৰ পাছত চলিব নেকি কৃষকৰ ট্ৰেক্টৰ, কিয়নো এতিয়া ১২১ নং চাবুৱা বিধানসভাৰ সমষ্টিত বিজেপিৰ নেত্ৰী প্ৰিয়ংকা নেওঁগে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰিছে আৰু তেওঁক সহযোগ আগবঢ়াইছে বিজেপিৰ কৰ্মীসকলে ৷

চাবুৱা বিধানসভাৰ সমষ্টিটোত বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাক লাহোৱাল সমষ্টিলৈ হস্তান্তৰ কৰি মিত্ৰযোঁত দল অসম গণ পৰিষদৰ পোনাকণ বৰুৱাক দলীয় পাৰ্থীত্ব দিয়াৰ পাছতে ক্ষোভিত হৈ পৰে বিজেপিৰ কৰ্মীসকল ৷

বিজেপিৰ নেত্ৰী প্ৰিয়ংকা নেওগে দলৰ বিৰুদ্ধে গৈ পদত্যাগ কৰি মিত্ৰদলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে আৰু চিহ্ন হিচাপে লাভ কৰিছে ট্ৰেক্টৰ চিহ্নৰ ৷

প্ৰিয়ংকা নেওঁগৰ লগতে কৰ্মীসকলৰ অভিযোগ যে দলৰ স’তে কোনো সম্পৰ্ক ৰক্ষা নকৰা পোনাকণ বৰুৱাক পাৰ্থীত্ব প্ৰদান কৰাটো সহজভাৱে নলয় আৰু শেষমুহূৰ্ত লৈ যুঁজাৰ পন লয় উপস্থিত দুইশতাধিক কৰ্মীয়ে ৷

Exit mobile version