অসম বিধানসভা নিৰ্বাচনত বিলাসীপাৰা পূৱ সমষ্টিত মোৰ জয় নিশ্চিতঃ কেপিপিৰ প্ৰাৰ্থী জীতেন্দ্ৰ নাথ অধিকাৰী

11055406 1619814321617050 6739350530298507811 n

কোচ কামতাপুৰিৰ আবেগ আৰু অনুভুতিক লৈ গঠন কৰা ৰাজনৈতিক দল কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টী চমুকৈ কেপিপিয়ে এইবেলি অসম বিধানসভা নিৰ্বাচনত ১৬ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । কেপিপি দলে ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিত জীতেন্দ্ৰনাথ অধিকাৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ।

আজি এক সাক্ষাৎকাৰত প্ৰাৰ্থী অধিকাৰীয়ে কয়, ‘মোক কেপিপি দলে পূৱ বিলাসীপাৰা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি মোৰ দায়িত্ব বঢ়াই দিছে । নিৰ্বাচনত জয়ী হোৱাৰ লগে লগেই কোচৰজবংশী জনগোষ্ঠীৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধান কৰাল লগতে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ সুকীয় জৰিপ, বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি সুৰক্ষিত কৰি ৰাখিবলৈ সংগ্ৰাহালয়ৰ ব্যৱস্থা কৰিম । বঙালী লোকসকলকো অসমত সুৰক্ষিত কৰিবলৈ এনআৰচি ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰাৰ লগতে নিবনুৱা সমস্যা সমাধান কৰিম ।’

অধিকাৰীয়ে লগতে কয় যে, কেপিপি দলে অসম বিধানসভা নিৰ্বাচনত ১৬ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু ১৬ জনেই জয়ী হ’ব ।

Exit mobile version