ক’ভিড আক্ৰান্ত অভিনেত্ৰী তাৰা ছুতাৰিয়া

mumbai actress marjaavaan sutaria during upcoming promotions 69211f4c 047e 11ea 8da7 95ed4a38ab68

পুনৰ কৰ’নাত আক্ৰান্ত হৈছে বলিউড তাৰকা।এইবাৰ ক’ভিড আক্ৰান্ত অভিনেত্ৰী তাৰা ছুতাৰিয়া । এই পৰ্যন্ত এই বিষয়ে নিশ্চিত কৰা হোৱা নাই। কিন্তু মুম্বাইৰ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত এইদৰে কোৱা হৈছে।

শেহতীয়াকৈ সুনীল শেট্টীৰ পুত্ৰ আহান শেট্টীৰ স’তে ‘তড়প’ৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰে অভিনেত্ৰীগৰাকীয়ে। মিলন লুথাৰিয়াৰ দ্বাৰা পৰিচালিত এই ছবিখন ২৪ ছেপ্টেম্বৰত মুক্তি পাব ।

যদিও তাৰাৰ বৰ্তমানলৈকে সমাজিক মাধ্যমত কোনো প’ষ্ট নাই। অভিনেত্ৰীগৰাকীৰ হাতত এতিয়া একাধিক কাম আছে। ‘তাড়াপ’ৰ পিছত, তেওঁক ‘এক ভিলেন ২ ‘ত দেখা পোৱা যাব। ছবিখনত তাৰাৰ স’তে জন আব্ৰাহাম, অৰ্জুন কাপুৰ আৰু দিশা পাটনী অভিনয় কৰিব।

কিন্তু যদি তেওঁলোক সঁচাকৈয়ে ক’ভিডৰ দ্বাৰা সংক্ৰমিত হয়, তেওঁলোকে সকলো কাম বন্ধ কৰি ঘৰতে থাকিব লাগিব।

মুম্বাইত কৰ’না সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। মুখত মাস্ক পিন্ধিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আবেদন জনাইছে চৰকাৰে।

Exit mobile version