কোকৰাঝাৰ-গোসাঁইগাঁৱত নিৰ্বাচনী ব্যয় পৰ্যৱেক্ষক ড° প্ৰতাপ নাৰায়ন শৰ্মাৰ পৰিদৰ্শন

general elections 2019 a 660 041119085104

তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাত সংবাদ মাধ্যম, ৰাজনৈতিক দল সংগঠনৰ সহযোগিতাৰ আহ্বান নিৰ্বাচনী ব্যয় পৰ্য্যৱেক্ষক ড° প্ৰতাপ নাৰায়ন শৰ্মাৰ। সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছতে কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ব্যয় পৰ্য্যৱেক্ষক  ড° শৰ্মাই শনিবাৰে (১৩ মাৰ্চ)  গোসাঁইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যলয়ত উপস্থিত হৈ নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কে বুজ লয় ৷

ব্যয় পৰ্য্যৱেক্ষক ড° শৰ্মাই গোসাঁইগাঁও জিলা নিৰ্বাচনী বিষয়া পল্লবী সৰকাৰৰ স’তে নিৰ্বাচন পৰ্যৱেক্ষণৰ বাবে গঠন কৰি দিয়া বিশেষ কোষসমূহৰ দায়িত্বত থকা নডেল বিষয়াসকলৰ লগত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷

ইয়াৰ পাছত ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টি আৰু ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টি দুটাৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে ইচ্ছুক নিৰ্দলীয় প্ৰাৰ্থীসকলৰ স’তে গোসাঁইগাঁও মহকুমাধিপতিৰ সভা কক্ষত নিৰ্বাচনী ব্যয় সম্পৰ্কে আলোচনা কৰে । যিকোনো নিৰ্বাচনী ব্যয় সম্পৰ্কীয় বিষয়ত অভিযোগ থাকিলে পোনপটীয়াকৈ তেওঁক যোগাযোগ কৰিবলৈ নিৰ্বাচনী ব্যয় পৰ্য্যৱেক্ষকগৰাকীয়ে আহ্বান জনায় ৷

কোকৰাঝাৰ জিলাৰ তিনিটা সমষ্টি ক্ৰমে ২৮ নং গোসাঁইগাওঁ, ২৯ নং পশ্চিম কোকৰাঝাৰ আৰু ৩০ নং পূৱ কোকৰাঝাৰ সমষ্টিৰ দায়িত্বত থকা নিৰ্বাচনী ব্যয় পৰ্য্যৱেক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ লগতো মত বিনিময় কৰে ।

তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সংবাদ মাধ্যমৰ পূৰ্ণ সহযোগিতাৰ বাবে আহ্বান জনায় ৷ আলোচনা সময়ত জিলা নিৰ্বাচনী বিষয়া পল্লবী সৰকাৰসহ ৰিটাৰ্নিং বিষয়া পৰিক্ষিত ফুকনৰ লগতে বিভিন্ন কোষৰ নডেল বিষয়া সকলো উপস্থিত থাকে ৷

Exit mobile version