বাংলাদেশৰ ভূমিয়ে আৱৰি থকা ভোগডাঙ্গাত ধুবুৰী নিৰ্বাচন জিলা প্ৰশাসনৰ দল

ভাৰতৰ মূল ভূখণ্ডৰ পৰা আঁতৰি থকাৰ পাছতো ভোটদান কৰিব ভোগডাঙ্গাৰ ভাৰতীয় ৰাইজে

927244 bb18hq1n

ধুবুৰী নিৰ্বাচন জিলাৰ অন্তৰ্গত তিনিওটা সমষ্টিৰ প্ৰতিজন ভোটাৰ যাতে ভোটদানৰ প্ৰতি সজাগ হয় আৰু নিৰ্ভয়ে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে তাৰ বাবে সকলোধৰণৰ পদক্ষেপ হাতত লৈছে প্ৰশাসনে ৷ ইয়াৰ অংশ হিচাপে আজি ধুবুৰী জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাৰ নেতৃত্বত প্ৰশাসনৰ এটা দলে ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশৰ ভূমিয়ে আগুৰি থকা ভাৰতীয় গাঁও ভোগডাঙ্গাত উপস্থিত হৈ গাঁওবাসীৰ স’তে মত বিনিময় কৰে ৷

৭০৮ নং ভোগডাঙ্গা কুটি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত জিলা নিৰ্বাচন বিষয়া দেৱ কুমাৰ কলিতাই সকলোকে শান্তিপূৰ্ণভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আৰু ছয় এপ্ৰিলত ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷ গাঁওখনৰ গাঁওবুঢ়া হলেশ্বৰ ৰয়ে কয় যে, গাঁওখনৰ প্ৰতিজন ভোটাৰক ভোটদান কৰিবলৈ তেওঁ উৎসাহিত কৰিব ৷

সভাত অংশগ্ৰহণ কৰি বি এছ এফৰ সহকাৰী কামাণ্ডেন্ট ধৰম চন্দ্ৰ সিনহাই কয় যে, ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু সফল কৰা বাবে তেওঁলোকে সকলোধৰণৰ সহযোগ আগবঢ়াব ৷ অনুষ্ঠানত উপস্থিত থকা গাঁওখনৰ কে’বাজনো জ্যেষ্ঠ নাগৰিকে ভোটদান সাব্যস্ত কৰি ভাৰতীয় নাগৰিক হিচাপে নিজৰ অধিকাৰ সাব্যস্ত কৰিব বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, প্ৰায় ছশ লোকৰ বসতি থকা গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত গাঁওখনত ভোটাৰৰ সংখ্যা হৈছে ৩৮৬ গৰাকী‌ ৷ ইয়াৰে ২০৬ জন পুৰুষ আৰু ১৮০ গৰাকী মহিলা ৷ চাৰিজন ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটাৰ আছে ৷ জিলা উন্নয়ন আয়ুক্ত বনশ্ৰী নাথ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেষ তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, নিৰ্বাচন বিষয়া পাৰ্থ প্ৰতীম বৰ্মন উপস্থিত থকা মত বিনিময় অনুষ্ঠানত ভোগডাঙ্গাৰ বাসিন্দাই তেওঁলোকৰ বিভিন্ন সমস্যাৰ কথা সদৰি কৰে ৷

সীমান্তৰ গেটৰ পৰা গাঁওখনলৈ যোৱা পথত থকা দলংখন নতুনকৈ নিৰ্মাণ কৰা, গাঁওখনত অধিক উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰা, গাঁওখনৰ বাসিন্দাসকলক ভাৰতৰ মূল ভূখণ্ডত মাটি দি সংস্থাপন কৰাকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হয় ৷ জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতা আৰু অন্যান্য বিষয়াসকলে পৰ্যায়ক্ৰমে গাঁওবাসীৰ সমস্যাবোৰ সমাধান কৰাৰ আশ্বাস দিয়ে ৷

Exit mobile version