শেহতীয়াকৈ যােৱা দুই-তিনি মাহৰ ভিতৰতে দেশীয় বজাৰত পেট্রল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য যি দ্রুতগতিত ঊর্ধ্বমুখী হ’বলৈ ধৰিছে তাৰ ফলত সাধাৰণ জনতাৰ বাজেটত যথেষ্ট চাপৰ সৃষ্টি হৈছে যদিও কেন্দ্রীয়
ৰাজকোষত ইয়াৰ ফলত দিনক দিনে বাঢ়িছে ৰাজহ পুঁজিৰ পৰিমাণ।
পেট্র’লজাত সামগ্ৰী আৰু এলপিজিৰ দাম যিমানেই বাঢ়িছে সিমানেই ৰাজকোষত শুল্ক হিচাপে জমা হৈছে মােটা অংকৰ ৰাজহ। পেট্র’পণ্য আৰু ৰন্ধন গেছৰ পৰা এইদৰে যােৱা নটা মাহত মুঠ তিনি লক্ষ কোটি টকাৰ ৰাজহ সংগ্রহ কৰা বুলি জানিবলৈ দিছে স্বয়ং কেন্দ্রীয় পেট্রলিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানে।
তেওঁ লগতে এই বুলিও জনায় যে এইদৰে সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ যােৱা সাত বছৰৰ ভিতৰত সর্বাধিক। কেন্দ্রীয় মন্ত্রীজনে দিয়া তথ্য অনুসৰি,২০১৬ৰ পৰা ২০২০ পর্যন্ত, এই পাঁচ বছৰৰ ভিতৰত প্ৰতিবছৰে পেট্র’পণ্যৰ পৰা লাভ কৰা ৰাজহৰ পৰিমাণ দুই লক্ষ কোটি টকাৰ আশে-পাশে আছিল।
২০১৯-২০ত এই শুল্কৰ বাবদ সংগ্রহ হৈছিল ১.৯৭ লক্ষ কোটি টকা। তাৰ পূর্বে ২০১৬-১৭,২০১৭-১৮ আৰু ২০১৮-১৯ত এই পৰিমাণ আছিল ক্রমান্বয়ে ২.৩৭ লক্ষ কোটি টকা, ২.৪১ লক্ষ কোটি টকা আৰু ২.৩৫ লক্ষ কোটি টকা।
উল্লেখ্য যে বিগত সাত বছৰত পেটু’পণ্যৰ ওপৰত আৰােপ কৰা কেন্দ্রীয় শুল্ক মুঠ ৪৫৯ শতাংশ বৃদ্ধি পাইছে। বর্তমানে প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলৰ পৰা কেন্দ্রই ক্রমে ৩২.৯০ আৰু ৩১.৮০ টকাকৈ শুল্ক লৈ আছে যাৰ ফলত প্রতি মাহে ৩৩,০০০ কোটি টকাৰ উৎপাদন শুল্ক সংগ্রহ হৈছে।
ইয়াৰ বিপৰীতে, ২০১৮ত প্রতি লিটাৰ পেট্র’ল আৰু ডিজেলৰ পৰা শুল্কৰ বাবদ ক্রমে ১৭.৯৮ টকা আৰু ১৩.৮৩ টকাকৈ লৈছিল কেন্দ্রই। স্মর্তব্য যে যােৱা ডিচেম্বৰৰ পৰা মার্চ পর্যন্ত, এই তিনিমাহৰ ভিতৰতে এলপিজি চিলিণ্ডাৰৰ দামাে ২০০-২২৫ টকালৈ বৃদ্ধি পাইছে।