আজি নাহৰকটীয়াত অনুষ্ঠিত হয় বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

e9d45ae6 d192 49f6 8867 c3f860e1fd6f

অনুষ্ঠিত বিজেপি নিৰ্বাচনী প্ৰচাৰত নাহৰকটীয়াত উপস্থিত হয় মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহান।লগতে অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দৰ লগতে বিভিন্নজন বিজেপি নেতা কৰ্মী।

নাহৰকটীয়াৰ জনসভাত উপস্থিত হৈ মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় , “এইখন বীৰৰ ভূমি ,এইখন সাহিত্যকাৰ আৰু কলাকৰৰ ভূমি ,এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমি আৰু মই তেওঁক প্ৰণাম কৰিছোঁ।”

অসমক কোনো বিদেশীয়ে গোলাম বনাব নোৱাৰিলে ।মোগলে ১৭বাৰ আক্ৰমণৰ চেষ্টা চলিছিল। যদিও অসমৰ বীৰে মোগলক হৰুৱালে ।এনেকোৱা বীৰ আৰু ভূমিক প্ৰণাম বুলিও কওঁ মন্ত্ৰী চৌহানে ।

অসমৰ পাঁচটা আখৰৰ অৰ্থও বুজায় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ।অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অদ্ভুত, অসম ভাৰতৰ আত্মা হয় বুলি মন্তব্য মন্ত্ৰী চৌহানৰ।

লগতে মন্ত্ৰী চৌহানে কয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোদীৰ আশীৰ্বাদত অসমক শান্তি প্ৰদান কৰিলে ।

Exit mobile version