বোকাজানত আৰক্ষীৰ অভিযান ,মহিলাৰ পৰা জব্দ ব্ৰাউন চুগাৰ লগতে নগদ এক লাখ টকা

af3ae8b5 01c9 4125 8303 f5a277fc7af8

অসম নাগালেণ্ড সীমান্তৰ খটখটিত নিয়মীয়া তালাচীত জব্দ ছয় লাখ ব্ৰাউন চুগাৰ । ১২ টা চাবোনৰ বাকচত প্ৰায় ১৪৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হয়।

তথ্য অনুসৰি এগৰাকী মহিলাই ব্ৰাউন চুগাৰখিনি ৰঞ্জিত গগৈৰ নামৰ এজন লোকক দিবলৈ আহিছিল ।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰঞ্জিত গগৈৰ পৰা এক লাখ টকাৰ লগতে আৰক্ষীয়ে জব্দ কৰে AS05 Q0482 এখন স্কুটী ।

খটখটি আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী ৰঞ্জিত গগৈৰ লগতে মহিলাগৰাকীকো আটক কৰে ।

Exit mobile version