ইউপিপিএল চৰকাৰৰ পৰা ৰাইজে এতিয়া পৰিত্ৰাণ বিচাৰিছে:ৰবিৰাম নাৰ্জাৰী

343dcb5d 1dfc 45ad b44f 3e2338592a2a

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমুহ। ইতিমধ্যে নিৰ্বাচন আয়োগে অসমত তিনিটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্র দাখিল ইতিমধ্যে সমাপ্ত হৈছে।

অসম বিধানসভা নির্বাচনৰ কাৰণে সকলো প্ৰকাৰে সাজু হৈছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কয় যে হাইকামাণ্ডে যদি মোক প্ৰাৰ্থীত্ব প্ৰদান কৰে তেন্তে বিৰোধী দলৰ পৰা যিমানে শক্তিশালী প্ৰাৰ্থী নিদিয়ক কিয় মই জয়ী হমেই।

বিপিএফ নিজেই এটা শক্তিশালী দল। ৰাইজৰ মাজত বিপিএফ দলৰ ভেটি কোনেও হিলাব নোৱাৰে। এইবাৰ অসমত কংগ্রেছ, এআইইউডিএফ, বিপিএফ আদিৰ মহাঁজোটৰ চৰকাৰ হ’বলৈ গৈ আছে ইয়াত কোনো সন্দেহ নাই।

অসমৰ পৰা বিজেপি দলক উৎখাত কৰাৰ লগতে বিটিআৰৰ পৰা বিজেপি, ইউপিপিএল,জিএছপি আদিৰ মিত্রজোটৰ চৰকাৰখন উৎখাত কৰিবলৈ ৰাইজ এতিয়াও বিপিএফ দলৰ লগতে আছে। আমাৰ এই অঞ্চলৰ ৰাইজ বিজেপি আৰু বিজেপিৰ মিত্রদলক পৰাজিত কৰোৱাবৰ কাৰণে একগোট হৈছে।

বিটিআৰ চৰকাৰখনে অতি কমসময়ৰ ভিতৰতে তেখেতসকলৰ ভ্ৰষ্টাচাৰ,দূৰ্নীতিৰ ৰূপটো প্ৰদৰ্শন কৰিলে। ৰাইজৰ প্ৰতি তেখেতসকলে দায়িত্বজ্ঞানহীন চৰিত্ৰ ৰূপায়ন কৰিলে যাৰ বাবে বিটিআৰত ইউপিপিএল চৰকাৰৰ পৰা ৰাইজে এতিয়া পৰিত্ৰাণ বিচাৰিছে। অসম বিধানসভা নির্বাচনত অসমৰ গোটেইকেইটা সমষ্টিত যিমানকেইজন প্ৰাৰ্থী জয়ী হ’ব তাৰে ভিতৰত অভিলেখ সংখ্যক ভোটত ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ পৰা জয়ী হ’ব বুলি সদৰি কৰে ৰবিৰাম নাৰ্জাৰীয়ে ।

Exit mobile version