ইউ পিপিএল দলৰ ভেটি দিনে দিনে সুদৃঢ় হৈ আছে : লৰেন্স ইছলাৰী

351409e1 00bd 49d3 ab61 c0ce4aaffa9e

আজি অসম বিধান ৩০ নং কোকৰাঝাৰ জনজাতি সমষ্টিৰ অধীন আমগুৰী প্ৰাইমাৰীৰ ইউপিপিএল দলৰ কাৰ্যালয়ৰ উদ্বোধন কৰি লৰেন্স ইছলাৰী কয় যে ইউ পিপিএল দল আগৰ দৰে হৈ থকা নাই এতিয়া বহুত শক্তিশালী হৈছে আৰু ভৱিষ্যতে অধিক শক্তিশালী হ’ব লগতে ইউপিপিএল দলৰ ভেটি দিনে দিনে সুদৃঢ় হৈ আছে বুলিও মন্তব্য ইছলাৰীৰ ।

বিটিআৰবাসী ৰাইজে স্বতস্ফূৰ্ত ভাবে আকোৱালী লৈ জাতি ধৰ্ম বৰ্ণ নিৱিশেষে এতিয়া ইউ পিপিএল দলত যোগদান কৰি আছে ।কাৰন ৰাইজে পৰিবৰ্তন বিচাৰিছে সেই বাবে এতিয়া ইউ পিপিএল দলত যোগদান পূৰ্ন গতিত চলি আছে বুলিও মন্তব্য কৰে ইছলাৰীয়ে ।

উক্ত অনুষ্ঠানতে বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি কে’বাজনো লোক ইউপিপিএল দলত যোগদান কৰে । নতুনকৈ যোগদান কৰা সকলোক ফুলাম গামোচাৰে আদৰনি জনাই লগতে ইউপিপিএল দলৰ হৈ কাম কৰিবলৈ সকলোকে জনায় ইছলাৰীয়ে ।

Exit mobile version