ধুবুৰীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

ব্যক্তিগত এম্বুলেন্স আৰু ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষত এগৰাকী নাৰ্ছ সহ চাৰি জন লোক আহত

f4dcdbba 25dd 4fde b024 767df07446e9

ধুবুৰী ঝগৰাৰপাৰৰ অসমাৰিক চিকিৎসালয়ৰ অন্তৰ্গত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা । এখন ব্যক্তিগত এম্বুলেন্স আৰু ইৰিক্সাৰ মাজত সংঘটিত হোৱা দূৰ্ঘটনাত ঝগৰাৰপাৰ অঞ্চলত এক শোকাৱহ পৰিৱেশ । ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে কয় যে , এম্বুলেন্সৰ চালক জন অতি তীব্ৰ গতিত আহি দুখন ই ৰিক্সাৰ পিছফালৰ পৰা খুন্দা মাৰে আৰু এম্বুলেন্সৰ চালক জন গাড়ী খন ৰখাব নোৱাৰি ৰাস্তাৰ কাষতে থকা দ্যা হাৰ্ট নামৰ লেবৰোটাৰি দোকানত খুন্দা মাৰে ।

ইয়াৰ পাছত ওৰপোনা নামৰ নাৰ্চ এগৰাকীয়ে ধুবুৰী অসমাৰিক চিকিৎসালয়ত নিজৰ কৰ্তব্য পালন কৰি খোজকাঢ়ি আহি থকা অৱস্থাত এম্বুলেন্সখনখনে নাৰ্ছ গৰাকীক খুন্দা মৰাৰ পাছত আহত হয় মহিলাগৰাকী ।দূৰ্ঘটনাটোত আহত ক্ৰমে আমিনুৰ আলী (২৫) আবুল হুছেইন (৪০) ওৰপোনা বালা ৰয় (৩৯), আৰু ৰোজ মহাম্মাদ (১৯) এই আহত ব্যক্তি সকলক ধুবুৰী অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰ ভিতৰত ধুবুৰী অসমাৰিক চিকিৎসালয়ত নাৰ্চত কৰ্মৰত ওৰপোনা বালা ৰয়ৰ অৱস্থা অতি সংকটজনক বুলি জনা যায় । দুৰ্ঘটনাটোৰ সন্দৰ্ভত যান বাহন আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version