মঙলবাৰে পুৱা মন্ত্রীগৰাকীয়ে জনায় যে তেওঁৰ শৰীৰত ক’ভিড পজিটিভ পোৱা গৈছে । ১৩ মাৰ্চ অৰ্থাৎ শনিবাৰে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছিল মন্ত্রীগৰাকীয়ে। মঙলবাৰে নিজৰ টুইটাৰ একাউন্টৰ যুগে কৰ’নাত আক্রান্ত হোৱা কথা জনালে মন্ত্ৰী ঈশ্বৰসিঙে ।
গুজৰাটী ভাষাত টুইট কৰি তেওঁ লিখে তেওঁৰ ক’ভিড টেষ্ট ইতিবাচক হৈছে।কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান ভালে আছে । তেওঁ যোৱা কেইদিনমানত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ভিড পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। গুজৰাটীত এক টুইটত মন্ত্ৰীগৰাকীয়ে কয়, “আজি মোৰ ক’ভিড ৰিপৰ্ট ইতিবাচক আহিছে।
যিসকলে শুভেচ্ছা জনাইছে তেওঁলোকক ধন্যবাদ। এই মুহূৰ্তত মোৰ স্বাস্থ্য ভালে আছে। মই যোৱা কেইদিনমানত মোৰ সংস্পৰ্শলৈ অহা লোকসকলক সাৱধানতাৰ বাবে এটা ক’ভিড পৰীক্ষা কৰিবলৈ আবেদন জনাইছো’।”এই পৰ্যন্ত গুজৰাটত মুঠ ক’ৰনা আক্রান্ত সংখ্যা দুই লাখ ৭৯ হেজাৰ ৯৭জন ।