দেখাত অদ্ভুত,ভয়ংকৰ মাত ,১৫বছৰৰ পাছত দেখা পোৱা গ’ল এই ভূত পক্ষী

245047161

সাধাৰণতে চৰাইবোৰ দেখিবলৈ ধুনীয়া থাকে কিন্তু এনকোৱা চৰাইও আছে যাক দেখিলে মানুহে ভয় খায় । শেহতীয়াকৈ কলম্বিয়াৰ চিবোলো চহৰত পোৱা গৈছে তেনে এবিধ অদ্ভুত চৰায়। ১৫ বছৰৰ যোৱা ডিচেম্বৰত এই চৰাইটোৰ দেখিব পোৱা গৈছে ।

শেহতীয়াকৈ ভাইৰেল হৈছে চৰাইটোৰ ভিডি’অ। চৰাইটোৰ নাম প’টো। বহুতে ইয়াক ভূত চৰাই বুলিও কয়। ইয়াৰ ভয়ংকৰ মাত আৰু অদ্ভুত চেহেৰাৰ বাবেই এই নাম দিয়া হৈছে।মূলত মধ্য আৰু দক্ষিণ আমেৰিকাত এইসমূহ চৰাই পোৱা যায়।

পূৰ্বে ইয়াক ইউৰোপতো দেখা গৈছিল। নিশা হ’লেই কীট-পতংগ চিকাৰ কৰিবলৈ আৰম্ভ কৰে আৰু দিনত গছৰ ভঙা ডালৰ মূৰত বহি সময় অতিবাহিত কৰে। চিকাৰীৰ পৰা নিজকে সুৰক্ষিত কৰাৰ এইটো একমাত্ৰ উপায় প’টো চৰাইৰ।

প’টো চৰাইৰ ছালৰ ৰং আৰু শৰীৰৰ আকাৰ এনে যে তেওঁলোকে গছৰ ভঙা ডালৰ স’তে সহজে মিলি যাব পাৰে। দীৰ্ঘ দিন ধৰি চলাচল নকৰাকৈও থাকিব পাৰে এই চৰাইবিধে ফলস্বৰূপে, দূৰৰ পৰা, তেওঁলোকক গছৰ ডালৰ দৰেই দেখা পোৱা যায়।

প’টো চৰাইৰ আন এটা বিশেষত্ব হৈছে যে তেওঁলোকে বাহ সাজিব নোৱাৰে ।গছৰ যিকোনো ডালত কণী পাৰে ।চৰাইটো হঠাতে কলম্বিয়াৰ চিবোলো চহৰত এগৰাকী মহিলাৰ চকুত পৰিল। হৈছিল। দিনৰ ভাগত এজোপা গছৰ ডালত শান্তভাৱে বহি আছিল চৰাইটো।

প্ৰথমতে মহিলা গৰাকীয়ে বহি থকা চৰাইটো কাঠ বুলি ভাবিছিল।মহিলাগৰাকীয়ে ওচৰলৈ চাপি যাওঁতে চৰাইটোৱে চকু মেলি মাতিবলৈ আৰম্ভ কৰিলে আৰু কিছু সময়ৰ বাবে অবাক লাগিল মহিলাগৰাকী।তাৰ পাছতেই চৰাইটোক ভিডিঅ’ কৰি প’ষ্ট কৰাত ভাইৰেল হৈ পৰিছে প’টো চৰাইটো।

Exit mobile version