ফকিৰাগ্ৰামত ইউপিপিএলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মক উষ্ম আদৰণি

WhatsApp Image 2021 03 17 at 6.35.44 PM

অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চাপি আহিছে সিমানেই গৰম হ’ব ধৰিছে নিৰ্বাচনী বতাহ । ইতিমধ্যে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিত প্ৰতিষ্ঠিত ব্যৱসায়ী মনোৰঞ্জন ব্ৰহ্মই ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছত আজি ফকিৰাগ্ৰাম, দোতমা আদি অঞ্চলত উপস্থিত হয় ।

প্ৰাৰ্থী হিচাপে উপস্থিত হোৱাৰ লগে লগে দলীয় কৰ্মকৰ্তাসহ বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায় । আদৰণি গ্ৰহণ কৰি মনোৰঞ্জন ব্ৰহ্মই কয়, ‘মোৰ জয় নিশ্চিত । মোক ৰাইজে যেনে ধৰণৰ সহায় সহযোগ কৰি আছে তাৰ বাবে মই কৃতজ্ঞ ।’

তেওঁ লগতে কয়, ‘মোক দলৰ হাইকমাণ্ডে কোকৰাঝাৰ পশ্চিম সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি মোৰ দায়িত্ব বঢ়াই দিছে ।’ উক্ত আদৰণি অনুষ্ঠানত কে’বা শতাধিক ইউপিপিএল দলীয় সমৰ্থকে ফুলাম গামোচা আৰ্নাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Exit mobile version