৮০ টা পাৰমাণৱিক বােমা তৈয়াৰ কৰিব ব্রিটেইনে

download 4

ব্রিটেইনে দেশখনৰ পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ ভঁৰালত নতুনকৈ অন্তর্ভুক্ত কৰিব ৮০টা পাৰমাণৱিক বােমা। দেশৰ পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ ভঁৰাল ৪০ শতাংশ বৃদ্ধি কৰিবলৈ সিদ্ধান্ত ল’লে বৰিছ জনছনৰ চৰকাৰে। অচিৰে ব্রিটিছু প্রধানমন্ত্রীয়ে এই কথা ঘােষণা কৰাৰ সম্ভাৱনা আছে।

নতুনকৈ ৮০টা পাৰমাণৱিক বােমা দেশখনে তৈয়াৰ কৰিলে।ব্রিটেইনৰ পাৰমাণৱিক বােমাৰ সংখ্যা ২৬০টালৈ বৃদ্ধি পাব। উল্লেখ্য যে বর্তমানে ব্রিটেইনৰ ভঁৰালত ১৮০টা পাৰমাণৱিক বােমা আছে। ‘দ্য গার্ডিয়ান’ৰ বাতৰি অনুসৰি ব্রিটেইনে মূলত চীন আৰু ৰাছিয়াৰ আগ্রাসনৰ প্রতি নিজ দেশক সুৰক্ষিত কৰিবলৈ পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত লৈছে।

ৰুছ আৰু চীনৰ স’তে দেশখনৰ সংঘাত বৃদ্ধিৰ সময়তে ব্রিটিছ প্রধানমন্ত্রীয়ে পাৰমাণৱিক বােমাৰ সংখ্যা বৃদ্ধি কৰিবলৈ পৰিকল্পনা গ্রহণ কৰিলে। সমগ্র বিশ্বক কৰ’না ভাইৰাছৰ সংক্রমণে ভাৰাক্ৰান্ত কৰি ৰখাৰ সময়ত ব্রিটেইনে এইদৰে ইমান বৃহৎসংখ্যক পাৰমাণরিক বােমা একেলগে তৈয়াৰ কৰাৰ যাে-জা।

চলােৱাক লৈ নিৰীকৰণৰ সমর্থকসকলে কঠোৰভাৱে সমালােচনা কৰিলে। ব্রিটিছ প্রধানমন্ত্রীয়ে লােৱা এই সিদ্ধান্তই সমগ্র বিশ্বত আকৌ এবাৰ পাৰমাণৱিক অস্ত্র নির্মাণৰ ভয়ংকৰ প্রতিযােগিতাৰ সৃষ্টি কৰিব বুলিও নিৰস্ত্রীকৰণৰ সমর্থকসকলে শংকা প্ৰকাশ কৰিলে।

Exit mobile version