ইউপিপিএলৰ দুই প্ৰাৰ্থীৰ মনোনয়ন পত্র দাখিল গোসাঁইগাঁৱত

আগন্তুক ছয় এপ্ৰিলত ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি বিধানসভা সমষ্টি আৰু ২৮ নং গোসাঁইগাঁও সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে আজি সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী ক্রমে মনোৰঞ্জন ব্ৰহ্ম আৰু সোমনাথ নাৰ্জাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

বিপিএফ-ৰ ভেটিত কঁপনি তুলি আজি হেজাৰ হেজাৰ সমৰ্থকে গোসাঁইগাঁৱৰ ইউপিপিএলৰ কাৰ্যালয়ৰ পৰা ইউপিপিএল প্ৰাৰ্থীদ্বয় ক্রমে মনোৰঞ্জন ব্ৰহ্ম আৰু সোমনাথ নাৰ্জাৰীক বৃহৎ ৰেলীৰ লগতে নৃত্য, গীত কৰি মনোনয়নৰ বাবে গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়লৈ লৈ যায় ৷

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মই কয়, ‘হাইকামাণ্ডে মোক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো। এই সমষ্টিত মোৰ জয় নিশ্চিত। মোক কোনেও হৰুৱাব নোৱাৰে। বিগত চৰকাৰৰ দিনত ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিত উন্নয়ন হোৱা নাই। সকলো জাতি জনগোষ্ঠীৰ হৈ চৰকাৰখনে মাত মতা নাই । সেয়ে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু দলে দলে ওলাই আহিছে। এইবাৰ ইউপিপিএল দলে বিটিআৰৰ সকলো সমষ্টিতে জয়ী হৈ দিছপুৰত বিজেপিৰ লগত চৰকাৰ গঠন কৰিব ইয়াত কোনো সন্দেহ নাই।’

২৮ নং গোসাঁইগাঁও সমষ্টিৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীয়ে সাক্ষাৎকাৰত কয়, ‘বিটিআৰৰ নিৰ্বাচনত যেনেকৈ বিপিএফ-এ চৰকাৰ গঠন কৰিব নোৱাৰিলে ঠিক তেনেদৰে এইবাৰ নিৰ্বাচনত বিপিএফ বিটিআৰৰ পৰা নিঃশ্বেষ হৈ যাব। ২৮ নং গোসাঁইগাঁও সমষ্টিত মই বিপুল ভোটত জয়লাভ কৰিম ইয়াত কোনো সন্দেহ নাই । এই সমষ্টিৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু তাৰ বাবে সকলো ৰাইজে এইবাৰ বিপিএফক উৎখাত কৰি ইউপিপিএলক প্ৰতিষ্ঠা কৰিবলৈ দলে দলে ওলাই আহিছে ।’

Exit mobile version