উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছত টুইটাৰত “#rippedjeans”ৰ বান

DKJiN9VK

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱটৰ ৰিপ জিন্স সন্দৰ্ভত কৰা এটা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সম্প্ৰতি মহিলাসকলে ক্ৰেপ ডেনিম পৰিধান কৰা ছবিৰে সামাজিক মাধ্যম ওপচাই পেলাইছে । মংগলবাৰে দেহৰাদুনত উত্তৰাখণ্ড ৰাজ্যিক কমিছন শিশু অধিকাৰ ৰক্ষকৰ দ্বাৰা আয়োজিত এখন কৰ্মশালাত মুখ্যমন্ত্ৰী ৰাৱটে এই মন্তব্য কৰে ।

ADVERTISEMENT

মুখ্যমন্ত্ৰী ৰাৱটে কয় যে, তেওঁ ফ্লাইটত দুটি শিশুৰ স’তে এগৰাকী মহিলাক লগ পাইছিল আৰু মহিলাগৰাকীয়ে ৰিপ জিন্স পৰিধান কৰি আছিল । মহিলাগৰাকীয়ে কয় যে তেওঁৰ এটা এনজিঅ’ আছে । মহিলাগৰাকীয়ে সমাজৰ বাবে যি উদাহৰণ দাঙি ধৰিছে তাক লৈ তেওঁ উদ্বিগ্ন ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এনে ধৰণৰ মহিলাই যদি সমাজত ওলাই যায় মানুহক লগ কৰে তেওঁলোকৰ সমস‌্যা সমাধান কৰিবৰ বাবে, তেওঁলোকে সমাজত, শিশুসকলৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলাইছে ?’

তেওঁ ‘উদং আঠু’ৰ প্ৰতি বিৰক্তি প্ৰকাশ কৰি কয়, ‘কেঁচিৰে সংস্কাৰ – উদং আঠু দেখুৱাই, ফটা জিন্স পৰিধান কৰি ধনী ল’ৰা-ছোৱালীৰ দৰে দেখা – সম্প্ৰতি এইবোৰতে অধিক গুৰুত্ব আৰোপ কৰা হয় । ঘৰৰ পৰা নহয় যদি, ক’ৰ পৰা আহিছে এইবোৰ ?’

সামাজিক মাধ্যমত মন্তব্যটোৱে তাৎক্ষণিক প্ৰতিক্ৰিয়া লাভ কৰিছে । কংগ্ৰেছৰ নেতা সঞ্জয় ঝাই টুইট কৰে, ‘#rippedjeans পৰিধানে আমাৰ সংস্কৃতি ধ্বংস কৰিছে । ই লাঞ্ছনাৰ পথ মুকলি কৰে আৰু এখন সমাজ ধ্বংস কৰে । মহিলাসকলে আমাৰ ধৰ্মীয় ৰীতি নীতিৰ বিৰোধী এই সংস্কাৰৰ পৰা আঁতৰি থাকিব লাগে ।’

এই মন্তব্যৰ বিৰোধিতা কৰি জনপ্ৰিয় অভিনেত্ৰী গুল পনাঙে #rippedjeans” লিখি ৰিপড জিন্স পৰিধান কৰি টুইট কৰে ।

https://twitter.com/priyankac19/status/1372408108090228736?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1372408108090228736%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.ndtv.com%2Foffbeat%2Frippedjeanstwitter-trends-in-response-to-uttarakhand-chief-ministers-comments-2393294

Exit mobile version