এণ্ড টিভিৰ ৰিয়েলিটী শ্ব’ ডান্স ফাইট ছিজন-২ৰ বাবে বাচনি হৈছে সাপাতগ্ৰামৰ ছয় নৃত্য শিল্পীৰ

bilasipara reality tv show

ৰাজ্যৰ চৌদিশে সম্প্ৰতি নিৰ্বাচনৰ গৰম বতাহ । ইয়াৰ মাজতে ছয়গৰাকী শিশু, কিশোৰ-কিশোৰী নৃত্য শিল্পীয়ে বিলাসীপাৰা মহকুমাৰ সাপাতগ্ৰামলৈ সুখবৰ কঢ়িয়াই আনিছে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেল এণ্ড টিভিত সম্প্ৰচাৰ হ’ব ৰিয়েলিটী শ্ব’ টেলেণ্ট ফাইট ছিজন-২ । এই ৰিয়েলিটী শ্ব’ৰ বাবেই বাচনি হৈছে সাপাতগ্ৰামস্থিত পলি ডান্স একাডেমীৰ ছয়গৰাকী শিক্ষাৰ্থী ।

একাডেমিখনৰ প্ৰশিক্ষক ৰাজীৱ দাসৰ তৎপৰতাত এণ্ড টিভিৰ অ’ডিছনত বাচনি হৈছে ক্ৰমে শংকৰ কৰ্মকাৰ, মম্পা ভৌমিক, মাছুম ৰাজা, এহেম আগৰৱালা, সান দত্ত আৰু দীপাংশু মণ্ডলৰ । অহা ২০ মাৰ্চত উত্তৰ প্ৰদেশৰ দেহৰাদুনত উপস্থিত হ’ব নৃত্য শিল্পী কেইগৰাকী ।

দেহৰাদুনত সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব শিল্পীসকলে । ইতিমধ্যে শিল্পীসকলে ৰাজ্যবাসীৰ সঁহাৰি বিচাৰিছে ।

Exit mobile version