ক’ভিড বিধি মানি চলাবলৈ আহ্বান ধুবুৰী জিলা উপায়ুক্তৰ

ভাৰতত পুনৰ বৃদ্ধি ক'ৰ'নাৰ সংক্ৰমণ

922882 covid test

দেশৰ বিভিন্ন স্থানত পুনৰ কৰ’নাৰ সংক্ৰমণ দ্ৰুতভাৱে বৃদ্ধি পোৱাৰ লগতে অসমৰো বিভিন্ন ঠাইত বহুলোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ উঠিছে ধুবুৰী জিলা প্ৰশাসন ৷ জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই আজি জিলাখনৰ সকলো বিভাগক ক’ভিড বিধিৰ ৰূপায়ন নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷

তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজহুৱা স্থানত সকলো লোকক মাস্ক পিন্ধি থাকিবলৈ, সামজিক ব্যৱধান মানি চলিবলৈ আৰু অপ্ৰয়োজনীয়ভাৱে সমৱেত হোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় জিলা উপায়ুক্তই ৷

এই সন্দৰ্ভত তেওঁ জিলাখনৰ সৰ্বসাধাৰণ ৰাইজক উদেশ্যি কয় যে, বিপদ অহাৰ পূৰ্বেই সকলো সষ্টম হোৱা প্ৰয়োজন ৷ জিলা প্ৰশাসনৰ আহ্বান মানি চলি মাস্ক পৰিধান, সামাজিক ব্যৱধান ৰক্ষা আৰু ছেনিটাইজাৰ ব্যৱহাৰৰ দ্বাৰা ক’ভিডৰ পুনৰ প্ৰৱেশত বাধা দিয়াত সহযোগ কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায় ৷

Exit mobile version