কোমোৰাৰ ঔষধি গুণাগুণ

raw winter melon

★কোমোৰাই হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

★দেহত প্ৰয়োজনীয় কার্বহাইড্রেট, লো, ৰিবোফ্লেভিন আদি কম-বেছি পৰিমাণে কোমোৰাৰ পৰা পোৱা যায়।

★কোমোৰাই যক্ষ্মাৰোগ গ্ৰতিৰোধৰ বাবেও কিছু পৰিমাণে শক্তি যোগান ধৰে।

★ৰক্তপিত্ত হোৱা ৰোগীয়ে যদি দহ চামুচ কোমোৰা ৰসৰ সৈতে এক চামুচ চেনি মিহলাই দিনে এবাৰকৈ খায়, তেন্তে ৰক্তপিত্ত ৰোগৰ পৰা কিছু উপশম পোৱা যায়।

★পেট বিষালে কোমোৰাৰ সাহ দুশ গ্রাম পুৰি তাৰ ছাই পানীৰ স’তে মিহলাই খালে উপকাৰ পাব পাৰি।

★কোমোৰা গুটিয়ে কৃমিও নাশ কৰে।

★কোনো লোকৰ অৰুচি, মূৰ্ছা, মৃগীৰোগ, পাথৰ ৰোগ, স্মৰণ শক্তি হ্রাস, স্নায়ু দুর্বলতা আদি ৰোগত কোমোৰাক পথ্যৰূপে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

★নিদ্রাহীন লোকৰ বাবে আৰু মূৰ কামোৰণি দূৰ কৰাৰ বাবে কোমোৰা উপকাৰী খাদ্য। ই বহুমূত্ৰ ৰোগৰ বাবেও উপকাৰী।

★কোমোৰাই কোনো ধৰণৰ বিষ, পক্ষাঘাত, কাহ, পানীলগা আৰু অন্যান্য শ্বাস-প্রশ্বাস ৰোগ নাশৰ বাবেও উপকাৰী।

★আমাৰ দেহত বাহিৰ বা ভিতৰৰ পৰা ওলোৱা তেজ কোমোৰাই বন্ধ কৰাত সহায় কৰে।

★কোনো লোকে কীটনাশক ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা শাক-পাচলি খায় বা মদ্যপান কৰি বিষক্রিয়া হ’লে কোমোৰাৰ একাপ ৰস খুৱালে এই বিষক্ৰিয়াৰ পৰা উপশম পাব পাৰি।

 

Exit mobile version