গোসাঁইগাঁৱত বিপিএফৰ দুগৰাকী প্ৰাৰ্থী আৰু ইউপিপএলৰ দুজন প্ৰাৰ্থীৰ মনোনয় দাখিল

WhatsApp Image 2021 03 18 at 6.04.52 PM

অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি গোসাঁইগাঁৱত বিপিএফৰ দুগৰাকী প্ৰাৰ্থীয়ে  বিশাল সমদলেৰে মনোনয়ন দাখিল কৰে ৷ ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰী আৰু ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে গোসাঁইগাঁও মহকুমা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়নপত্ৰ দাখিল কৰে ৷

মনোনয়নৰ প্ৰাক মুহুৰ্তত প্ৰাৰ্থী দুগৰাকীয়ে প্ৰকাশ কৰে যে, কোকৰাঝাৰ জিলাৰ তিনিওটা সমষ্টি বিপিএফে দখল কৰাৰ লগতে বিটিএডিৰ সকলো সমষ্টি জয়ী হৈ মহাজোঁটে চৰকাৰ গঠন কৰিব ৷

মনোনয়ন পত্ৰ জমা দিয়াৰ পাছত কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী তথা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সাংবাদিকৰ সাক্ষাৎত কয় যে, এতিয়া বিটিচিত পৰিৱৰ্তনৰ নামত কমিছন ৰাজ চলি আছে । সেয়ে এতিয়া ৰাইজে ইউপিপিএল চৰকাৰৰ পৰা পৰিত্ৰান বিচাৰিছে ।

ইপিনে, আজি গোসাঁইগাঁৱত ইউপিপিএলৰ দুগৰাকী প্ৰাৰ্থীয়ে বিশাল সমদলেৰে মনোনয়ন দাখিল কৰে ৷ ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰী আৰু ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মই গোসাঁইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে ৷

Exit mobile version