পাঠশালাত কংগ্ৰেছৰ দুই শতাধিক কৰ্মীৰ বিজেপিত যোগদান

1532627713 8931 1

পাঠশালাত বজালী জিলা বিজেপিৰ কাৰ্যকালত আজি কংগ্ৰেছৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে বিজেপিত যোগদান কৰে । আজি আবেলি বজালী জিলা বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ জিলা সভাপতি নগেন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত কংগ্ৰেছ কৰ্মীসকলে যোগদান কৰে ।

বিজেপি ৰাজ্যিক সভাপতি তথা পাটাছাৰকূছী বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ দাসৰ উপস্থিতত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক বৈকুণ্ঠ শৰ্মাৰ নেতৃত্বত অহা কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলত যোগদান কৰা বুলি উল্লেখ কৰে ।

প্ৰাক্তন কংগ্ৰেছ নেতা বৈকুণ্ঠ শৰ্মাই নিজৰ ভাষণত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ -এআইইউডিএফৰ মিত্ৰতাৰ বাবে কংগ্ৰেছ দল ত্যাগ কৰাৰ লগতে কংগ্ৰেছ দলত নেতৃত্ব দিয়া নেতাৰ অভাৱ হৈছে বুলি মন্তব্য কৰে ।

ৰাজ্যিক সভাপতি ৰণজিৎ দাসে নিজৰ ভাষণত প্ৰাক্তন কংগ্ৰেছ কৰ্মীসকলক আদৰণি জনাই প্ৰবীণ বিজেপিৰ কাৰ্যকৰ্তাসকলক সন্মান কৰাৰ লগতে দলৰ নীতি আদৰ্শ মানি চলিবলৈ আহ্বান জনায় । লগতে প্ৰবীণ বিজেপি কৰ্মকৰ্তাসকলে নবীন কাৰ্যকৰ্তাসকলক মৰম কৰিবলৈও আহ্বান জনাই ।

দাসে কয় যে, আগন্তুক দিনত বিজেপিয়ে ৬৭ লাখ কাৰ্যকৰ্তা দলত যোগদানৰ লক্ষ্য লৈ আগবাঢ়িছে । প্ৰতিমাহে দলত নতুনকৈ ডেৰ লক্ষাধিক কাৰ্যকৰ্তাই যোগদান কৰি আহিছে । এনেদৰে এদিন ৰাজ্যৰ ৬৭ লাখ পৰিয়ালৰ একোজনকৈ লোক বিজেপিৰ সদস্য হৈ পৰিব ।

Exit mobile version