বায়ু প্ৰদূষণ নিয়ন্ত্রণ দূৰৰে কথা, ভাৰতৰ দৰে দেশত অধিক ভয়াৱহ হৈছে এই ধৰণৰ প্ৰদূষণ। শেহতীয়া এটি
প্রতিবেদনৰ তথ্য অনুসৰি বিশ্বৰ সবাতােকৈ অধিক প্ৰদূষিত ৩০ খন চহৰৰ ২২ খনে হৈছে ভাৰতৰ।
বিশ্ব বায়ু প্ৰদূষণক লৈ মঙলবাৰে আই কিউ এয়াৰ নামৰ ছুইজাৰলেণ্ডৰ এটি সংস্থাই এখন প্রতিবেদন প্রকাশ কৰিছিল। ৱর্ল্ড এয়াৰ কোৱালিটি ৰিপ’ৰ্ট ২০২০’ শীর্ষক প্রতিবেদনত ভাৰতৰ বর্ধিত বায়ু প্ৰদূষণৰ এখন ভয়াৱহ ছবি স্পষ্ট হৈছে।
বিশ্বৰ ১০৬খন দেশক সামৰি চলােৱা এই সমীক্ষাত উল্লেখ কৰা মতে, বিশ্বৰ সবাতােকৈ প্ৰদূষিত ৩০ খন চহৰৰ মাজত ভাৰতৰ ২২ খন চহৰ আছে। তালিকাখনত উল্লেখ কৰা মতে, ভাৰতৰ দিল্লী, গাজিয়াবাদ, বুলণ্ডচহৰ, বিছৰাখ, জালালপুৰ, নয়ডা, গ্রেটাৰ নয়ডা,কানপুৰ, লক্ষ্ণৌ, মেৰঠ, আগ্রা, মুজাফ্ফৰনগৰ, ভিউৱাৰি, ফৰিদাবাদ, জিণ্ড, হিচাৰ, ফটেহাবাদ, বান্ধৱাৰী, গুৰগাঁও,যমুনানগৰ, ৰােহটক, ডাৰুহেৰা আৰু মুজাফ্ফৰপুৰ হৈছে সবাতােকৈ প্ৰদূষিত চহৰ।
বিশ্বৰ সবাতােকৈ দূষিত ৰাজধানী হিচাপেও সমীক্ষাটোত ভাৰতৰ নতুন দিল্লীক শীর্ষস্থান প্রদান কৰা হৈছে। অৱশ্যে দিল্লীত বিগত বছৰৰ তুলনাত বায়ু প্ৰদূষণ ১৫ শতাংশ হ্রাস পাইছে। ভাৰতত বায়ু প্ৰদূষণৰ প্রকোপ বৃদ্ধি পােৱাৰ অন্যতম এক কাৰক যানবাহনৰ পৰা নিৰ্গত ধোঁৱা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে।
তদুপৰি বিদ্যুৎ উৎপাদন, কল-কাৰখানাৰ কাম- কাজ, কৃষি কার্য আদিৰ ফলতাে ভাৰতত বায়ু প্ৰদূষণ অধিক হয় বুলি কোৱা হৈছে। বিশ্বৰ সবাতােকৈ দূষিত চহৰৰ শীর্ষস্থানত আছে চীনৰ চিনঝিয়াং। ইয়াৰ পাছত দ্বিতীয় স্থানত ভাৰতৰ গাজিয়াবাদ আছে।
সবাতােকৈ প্ৰদূষিত চহৰৰ তালিকাত আগশাৰীত আছে ভাৰতৰ বুলণ্ডচহৰ, বিছৰাখ, জালালপুৰ, নয়ডা, গ্রেটাৰ নয়ডা, কানপুৰ, লক্ষৌ আৰু ভিউৱাৰী ।