আনন্দৰ বাবে উৎসৰ্গিত এটা দিন

আনন্দৰ বাবে উসৰ্গা এটা দিন ২০ মাৰ্চ । এই দিনটোক আন্তৰ্জাতিক আনন্দ দিৱস হিচাপে পালন কৰা হয় । ৰাষ্ট্ৰসংঘৰ দ্বাৰা অভিহিত আন্তৰ্জাতিক আনন্দ দিৱস ‘বিশ্বজুৰি মানুহৰ জীৱনত আনন্দৰ গুৰুত্বক স্বীকৃতি’ দিবৰ বাবে পালন কৰা হয়। বিগত বৰ্ষত ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত আন্তৰ্জাতিক আনন্দৰ প্ৰতিবেদন অনুসৰি, ফিনলেণ্ডৰ ৰাজধানী হেলছিংকি  বিশ্বৰ ভিতৰতে সবাটোকৈ আনন্দিত চহৰ ।

২০১৩ৰ পৰা ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক আনন্দ দিৱস পালন কৰি আহিছে । ২০১২ৰ ১২ জুলাইত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনৰ এটা সংকল্পত ২০ মাৰ্চক আন্তৰ্জাতিক আনন্দ দিৱস ঘোষণা কৰা হয় । আনন্দ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য তথা এছডিজিৰ স’তে জড়িত ।

ক্ষুধা, শিক্ষা আৰু সচেতনতাৰ অভাৱ, কম খৰচী চিকিৎসা সেৱাৰ অভাৱ আৰু মানৱ অধিকাৰ লংঘন এইবোৰেই বিশ্ববাসীৰ নিৰানন্দৰ বৃহত্তম কাৰণ ।

আন্তৰ্জাতিক আনন্দৰ প্ৰতিবেদন অনুসৰি, আটাইতকৈ নিৰানন্দ চহৰসমূহ অনুন্নত দেশসমূহত অৱস্থিত আৰু এইসমূহে যুদ্ধৰ সন্মুখীন হ’বলগীয়া হৈছে (আফগানিস্তানৰ কাবুল, য়েমেনৰ ছানা) , সশস্ত্ৰ যুদ্ধ (পেলেষ্টাইনৰ গাজা), গৃহযুদ্ধ (দক্ষিণ ছুদেনৰ জুবা, মধ্য আফ্ৰিকাৰ গণতান্ত্ৰিক বেনগুই), ৰাজনৈতিক অস্থিৰতা (ইজিপ্তৰ কাইৰ’), ধ্বংসাত্মক প্ৰাকৃতিক বিপৰ্যয় (হাইতিৰ প’ৰ্ট-অ’-প্ৰিন্স) ।

Exit mobile version