কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ভাওৰাগুৰীত আজি ইউপিপিএলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ ইউপিপিএল দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মই। উক্ত অনুষ্ঠানত উপস্থিত থাকে ইউপিপিএল-ৰ বিভিন্ন নেতা কৰ্মী লগতে সমৰ্থকসকল।
উক্ত অনুষ্ঠানতে ২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ব্ৰহ্মক ফুলাম গামোচা আৰু আৰ্নাইৰে সম্বৰ্ধনা জনায়।
অনুষ্ঠানত উপস্থিত থাকি প্ৰাৰ্থী ব্ৰহ্মই সাংবাদিকৰ আগত কয় যে, হাইকামাণ্ডে মোক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো । ৰাইজৰ আশীৰ্বাদ সদায় মোৰ লগত আছে। ৰাইজ যেনেকৈ আগবাঢ়ি আহিছে আমাৰ দলত আমি চৰকাৰ গঠন কৰাটো এক প্ৰকাৰ নিশ্চিত ইয়াত কোনো সন্দেহ নাই। ৰাইজৰ কাম কৰা , ৰাইজৰ সমস্যা সমাধান কৰা , দুখীয়াক সহায় কৰা এইটোৱে মোৰ মূল উদ্দেশ্য ।
২৯ নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিত মোৰ ফেক্টৰ কোনো নাই এই সমষ্টিত মোৰ জয় নিশ্চিত বুলিও কয় ব্ৰহ্মই। অতি শীঘ্ৰে গোসাঁইগাওঁ, ভাওৰাগুৰী হৈ কোকৰাঝাৰ যোৱা পথটো হাইওৱেলৈ ৰূপান্তৰিত কৰিব আৰু ইতিমধ্যে বহুখিনি কাম আগবাঢ়িছে বুলি উক্ত অনুষ্ঠানত মুকলিকৈ ঘোষণা কৰে।